গুৱাহাটী,২৩ মে':জাপৰিগোগ হত্যাকাণ্ডৰ সন্দৰ্ভত ধৰণী ডেকাৰ পুত্ৰৰ বিস্ফোৰণ(Sensational confession of son of Japarigog murder accused) । কেমেৰাৰ সন্মুখত হত্যাকাণ্ড সন্দৰ্ভত চাঞ্চল্যকৰ স্বীকাৰোক্তি । সংবাদ মাধ্যমৰ আগত তেওঁ কয় "হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত মই শুই আছিলোঁ । দেউতাই জগাই মোক কৈছিলে, বুঢ়াক মই মাৰি দিলোঁ, মাক বলৎকাৰ কৰাৰ কথা কৈছিল দেউতাই । মোক আৰু ভাইটিক ৰিক্সাত উঠাই দেউতাই গণেশগুৰিলৈ পঠিয়াই দিছিল" ।
বিশালৰ সন্মুখত পিতৃয়ে ২ হাজাৰ টকা হাতত তুলি দি মাহীয়েকৰ ঘৰলৈ পটিয়াইছিল পুত্ৰক । মাহীয়েকৰ পৰা ৫০০ টকা লৈ ধৰণী ডেকাৰ পুত্ৰই আদাবাৰীৰ মোমায়েকৰ ঘৰলৈ যায় । তাৰ পাছত মোমায়েকৰ ঘৰৰ পৰা নলবাৰীৰ গাঁৱৰ ঘৰলৈ যায় যুৱকজন । আৰক্ষীয়ে মাতি পঠিওৱাত সোমবাৰে দিছপুৰ থানাত হাজিৰ হয় অভিযুক্তৰ পুত্ৰ ।
তেওঁ লগতে কয়, ককা অৰ্থাৎ হত্যাকাণ্ডৰ বলি হোৱা হেমধৰ বৰুৱাই ঘৰ এৰি যাবলৈ তেঁওলোকক নিৰ্দেশ দিছিল । কিন্তু কেতিয়াও কাজিয়া-পেঁচাল হোৱা নাছিল বুলিও উল্লেখ কৰে হত্যাৰ অভিযুক্ত ধৰণী ডেকাৰ পুত্ৰই (Murder in Japarigog) ।