অসম

assam

ETV Bharat / state

কংগ্ৰেছত যোগদান বিজেপিৰ জ্যেষ্ঠ নেতা উদয় শংকৰ হাজৰিকাৰ - লখিমপুৰ লোকসভা সমষ্টি

Uday Shankar Hazarika join Congress : নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচী। বিজেপিৰ হৈ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা তিনিবাৰকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল উদয় শংকৰ হাজৰিকাই।

Senior BJP leader Uday Shankar Hazarika
ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 3:48 PM IST

বিজেপি এৰি কংগ্ৰেছলৈ উদয় শংকৰ হাজৰিকা

গুৱাহাটী, 20 ডিচেম্বৰ : উজনি অসমৰ বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাই বুধবাৰে কংগ্ৰেছ দলত যোগদান কৰে ৷ নেতাগৰাকী হৈছে উদয় শংকৰ হাজৰিকা ৷ বিজেপিৰ হৈ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা তিনিবাৰকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা উদয় শংকৰ হাজৰিকাই সুদীৰ্ঘ সময় বিজেপিৰ নিষ্ঠাবান কৰ্মী হিচাপে সেৱা আগবঢ়াই আহিছিল ৷

আনহাতে এসময়ত তেওঁ সক্ৰিয়ভাৱে সদৌ অসম ছাত্ৰ সন্থাৰে জৰিত আছিল ৷ আজি তেওঁ গেৰুৱা সাজ ত্যাগ কৰি কংগ্ৰেছৰ ছত্ৰছায়ালৈ আহে ৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এক অনুষ্ঠানত আজি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত তেওঁ কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ সহ-তত্বাৱধায়ক পৃথ্বীৰাজ সাথে, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ সহ-তত্বাৱধায়ক সম্পাদক বিকাশ উপাধ্যায়, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ক্ৰমে ৰাণা গোস্বামী, কমলাক্ষ দে' পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰকে ধৰি ভালেসংখ্যক নেতা উপস্থিত আছিল ৷

উদয় শংকৰ হাজৰিকাক দলত আদৰণি জনায় জীতেন্দ্ৰ সিঙে কয় যে কংগ্ৰেছ দল এক পৰিয়ালৰ দৰে ৷ ইয়াত কাম কৰাৰ আৰু কথা কোৱাৰ সকলোৰে স্বাধীনতা আছে ৷ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে বিজেপি চৰকাৰে বিভাজনৰ ৰাজনীতি কৰি আহিছে ৷ অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই উদয় শংকৰ হাজৰিকাক আদৰণি জনাই বক্তব্য আগবঢ়ায় ৷ আনহাতে অনুষ্ঠানত কংগ্ৰেছত যোগদান কৰা উদয় শংকৰ হাজৰিকাই নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ৷

লগতে পঢ়ক :কাক কাক প্ৰাৰ্থী হিচাপে বিচাৰে সভাপতি ভূপেন বৰাই ?

ABOUT THE AUTHOR

...view details