অসম

assam

ETV Bharat / state

মাস্ক বিক্ৰী কৰিয়েই আত্মসহায়ক গোটৰ হাতলৈ আহিল ৭.১৫ কোটি - assam cm

প্ৰস্তুত কৰা মাস্ক সমূহৰ ভিতৰত ৩১,৭১,৩১৪ খন ইতিমধ্যে বিক্ৰী হৈছে । আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত এই মাস্ক বিক্ৰীৰ বাবে ৩৩ খন জিলাত ৮৪ খন বিপনী মুকলি কৰা হৈছে ।

SELF HELP GROUP EARN 7.15 CRORE BY SELLING MASK
মাস্ক বিক্ৰী কৰিয়েই আত্মসহায়ক গোটৰ হাতলৈ আহিল ৭.১৫ কোটি

By

Published : May 15, 2020, 12:00 AM IST

গুৱাহাটী, ১৪ মে'ঃ লক ডাউনৰ সময়চোৱাত কেৱল মাস্ক প্ৰস্তুত কৰিয়েই অসমৰ ১০,৬৫৯ টা আত্মসহায়ক গোটে ৭.১৫ কোটি টকা আয় কৰিবলৈ সক্ষম হৈছে । এই আত্মসহায়ক গোটৰ মহিলা সকলে বৰ্তমানলৈকে ৫১,২৩,১৯৪ খন মাস্ক তৈয়াৰ কৰিছে আৰু সেইসমূহ "অসমী" ব্ৰেণ্ড নাম দি বিক্ৰী কৰা হৈছে ।

মাস্ক বিক্ৰী কৰিয়েই আত্মসহায়ক গোটৰ হাতলৈ আহিল ৭.১৫ কোটি

প্ৰস্তুত কৰা মাস্ক সমূহৰ ভিতৰত ৩১,৭১,৩১৪ খন ইতিমধ্যে বিক্ৰী হৈছে । আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত এই মাস্ক বিক্ৰীৰ বাবে ৩৩ খন জিলাত ৮৪ খন বিপনী মুকলি কৰা হৈছে ।

মাস্ক বিক্ৰী কৰিয়েই আত্মসহায়ক গোটৰ হাতলৈ আহিল ৭.১৫ কোটি

আজি গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ তাতীমাৰাস্থিত আত্মসহায়ক গোটৰ মাস্ক উৎপাদন কেন্দ্ৰটোত উপস্থিত হৈ এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰটোত উপস্থিত থাকে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে । আত্মসহায়ক গোটসমূহৰ এনে কৰ্মদক্ষতাক ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ক'ভিড ১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পোৱা দেখি কোনো শংকিত হ'ব নালাগে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details