অসম

assam

ETV Bharat / state

SI Exam Question Paper Viral: ছেবাৰ মতে পৰীক্ষাৰ পাছত প্ৰশ্নকাকত ভাইৰেল হোৱাটো সাধাৰণ কথা - অসম মাধ্যমিক শিক্ষা সংসদ

নিশ্চিদ্ৰ নিৰাপত্তাৰ মাজেৰে দেওবাৰে অনুষ্ঠিত হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা ৷ পৰীক্ষাৰ পাছতেই ভাইৰেল হৈ পৰিল প্ৰশ্নকাকত (Assam police SI Exam Question Paper Viral) ৷ পৰীক্ষা হলৰ পৰা বাহিৰলৈ প্ৰশ্নকাকত নিয়াত নিষেধাজ্ঞা থকাৰ পাছতো সামাজিক মাধ্যত প্ৰশ্নকাকত ভাইৰেল হোৱা বিষয়টোত সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে ৷ ইয়াৰ পাছতেই দ্বায়িত্বত থকা ছেবাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

SI Exam Question Paper Viral
ছেবাৰ মতে পৰীক্ষাৰ পাছত প্ৰশ্নকাকত ভাইৰেল হোৱাটো সাধাৰণ কথা

By

Published : Apr 25, 2022, 10:27 PM IST

গুৱাহাটী, ২৫ এপ্ৰিল: বহু প্ৰতীক্ষাৰ অন্তত ৰাজ্যৰ লাখ-লাখ নিবনুৱাক সপোন দেখুৱাই দেওবাৰে অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা (Assam Police SI exam) ৷ একলাখ নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্য চৰকাৰে(One Lakh govt job assurance) এই পৰীক্ষাৰ বাবে দ্বায়িত্ব অৰ্পন কৰিলে পূৰ্বে বহুকেইটা বিসংগতিপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰা অসম মাধ্যমিক শিক্ষা সংসদক ৷ দেওবাৰে অনুষ্ঠিত পৰীক্ষাত যাতে পুনৰ একো বিসংগতি নহয় তাৰ বাবে পৰীক্ষা কেন্দ্ৰত ৰখা হৈছিল চোকা নজৰ ৷ পৰীক্ষা হলৰ ভিতৰত নিষিদ্ধ কৰা হৈছিল মোবাইল ফোনৰ লগতে সকলো ইলেক্ট্ৰ’নিক সামগ্ৰী ৷

কেৱল ইমানেই নহয় ৷ পৰীক্ষাৰ প্ৰশ্নকাকতো হলৰ বাহিৰলৈ নিয়াত বাধা প্ৰদান কৰা হৈছিল খোদ পৰীক্ষাৰ্থীক ৷ এনে বহু কটকটীয়া নিৰীক্ষণৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ চেষ্টা চলোৱাৰ পাছতো পৰীক্ষাৰ পাছতেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল অসম আৰক্ষী উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত (Assam police SI Exam Question Paper Viral)৷ লগে লগে ৰাজ্যজুৰি সৃষ্টি হ’ল তুমুল প্ৰতিক্ৰিয়াৰ ৷ পুনৰ বিতৰ্কৰ মাজত সোমাই পৰাৰ সময়তে ভাইৰেল প্ৰশ্ন কাকতৰ সন্দৰ্ভত টুলুঙা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দায়সৰাৰ চেষ্টা চলাইছে ছেবাই ৷

ছেবাৰ মতে পৰীক্ষাৰ পাছত প্ৰশ্নকাকত ভাইৰেল হোৱাটো সাধাৰণ কথা

দেওবাৰে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত সামাজিক মাধ্যমত প্ৰশ্ন কাকত ভাইৰেল হোৱা বিষয়টোৰ কোনো বিশেষ গুৰুত্ব নাথাকে বুলি মন্তব্য কৰিছে ছেবাই (SEBA reacts on question paper viral)। ছেবাই দাবী কৰিছে যে সুকলমে অনুষ্ঠিত হৈছে পৰীক্ষা । উল্লেখ্য যে, পৰীক্ষা হলৰ বাহিৰলৈ প্ৰাৰ্থীক প্ৰশ্নকাকত নিয়াত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো কিদৰে প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হ’ল সেই বিষয়টোৱে সচেতন মহলত প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

যিহেতু পৰীক্ষাৰ্থী আৰু পৰীক্ষা নিৰীক্ষণৰ দায়িত্বত নিয়োজিত সকলোকে পৰীক্ষাৰ কেন্দ্ৰত প্ৰৱেশ কৰোতে সুক্ষ্মভাৱে নিৰীক্ষণ কৰা হৈছিল । মোবাইলৰ পৰা আৰম্ভ কৰি কোনো ধৰণৰ ইলেকট্ৰনিক সামগ্ৰী কেন্দ্ৰৰ ভিতৰত সোমোৱাবলৈ দিয়া হোৱা নাছিল । প্ৰশ্নকাকতৰ কপি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা প্ৰসংগত এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি ছেবা কৰ্তৃপক্ষই কয়, কোনো ন্যস্ত স্বাৰ্থ মহলে উদ্দেশ্য প্ৰণোদিতভাৱে একাংশ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল কৰিব পাৰে । ইয়াৰ বাবে পৰীক্ষাৰ্থী বিভ্ৰান্ত হ’ব নালাগে ।

লগতে পঢ়ক:সামাজিক মাধ্যমত সত্ৰধিকাৰকলৈ বিৰূপ মন্তব্য

ABOUT THE AUTHOR

...view details