গুৱাহাটী , 2 ছেপ্তেম্বৰ : অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ 'ছেবা'ই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ২০১৯ বৰ্ষৰ তুলনাত ২০২১-২২বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম প্ৰায় ৪০ শতাংশ হ্ৰাস কৰিছে ৷ ছেবাই এক নিৰ্দেশনাৰ জৰিয়তে এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে ৷
ছেবাই No. SEBA/AB/NOTIFI/06/2018/25 নিৰ্দেশনাৰ জৰিয়তে পত্ৰ নং ASE.1214/2017pt/50 ত উল্লেখ কৰিছে যে, বিগত এপ্ৰিল মাহৰ তৃতীয় সপ্তাহৰ পৰাই ক'ভিড পৰিস্থিতিৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে ৷ এই সময়ছোৱাত অনলাইন মাধ্যমেৰে পাঠ্যক্ৰম চলি আছিল যদিও বহু শিক্ষাৰ্থীয়ে বিভিন্ন কাৰণত এই পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিব নোৱাৰিলে ৷
নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত ছেবাৰ লগতে পঢ়ক :কলগাছিয়াত ধনৰ বিনিময়ত ফলাফল বিসংগতিৰ অভিযোগ পৰীক্ষাৰ্থীৰ
সেয়ে শিক্ষাৰ্থীসকলৰ শৈক্ষিক ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু শিক্ষকসকলৰ বাবেও ২০২১-২২ শিক্ষাবৰ্ষৰ বাবে মাধ্যমিক শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰা পাঠ্যক্ৰম সমাপ্ত কৰাটো কঠিন হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি ছেবাই ২০২১-২২ বৰ্ষৰ পাঠ্যক্ৰম হ্ৰাস কৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সেই অনুসৰি পাঠ্যক্ৰমৰ প্ৰতিটো বিষয়ত ২০১৯ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ৪০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰা হ’ব ৷
জানিব পৰা মতে, সংশোধিত পাঠ্যক্ৰম সংশ্লিষ্ট বিদ্যালয়সমূহৰ সকলো পৰিদৰ্শকক পিডিএফত প্ৰদান কৰা হ’ব ৷ এই পিডিএফ ক্ৰমে বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ প্ৰেৰণ কৰা হ’ব ৷ সংশোধিত পাঠ্যক্ৰম ছেবাৰ ৱেব ছাইট www.sebaonline.org ত উপলব্ধ বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে ৷ উল্লেখ্য যে, ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে এই নিৰ্দেশনা জাৰি কৰিছে ৷
লগতে পঢ়ক :১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব নৱম-দশম আৰু একাদশ-দ্বাদশ শ্ৰেণীৰ পাঠদান