নিউজ ডেস্ক, ২২ মে‘:সোমবাৰে ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ পুৱা ১০ বজাৰ লগে লগে ছেবাই ১০টাকৈ ৱেবছাইটত ঘোষণা কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । এই ৱেবছাইটসমূহত ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীটো উপলব্ধ কৰা হৈছে (SEBA Assam HSLC Results 2023) । আজি পুৱা ৮ বজাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে টুইট কৰি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ কথা সদৰী কৰে ৷
এইবাৰ ফলাফলত প্ৰথম স্থানত জিলিকিল শোণিতপুৰৰ ঢেকিয়াজুলিৰ শংকৰদেৱ শিশু নিকেতন ছাত্ৰ হৃদম ঠাকুৰীয়া । পৰীক্ষাত উৰ্ত্তীণৰ হাৰ আছিল ৭২.৬৯ শতাংশ (HSLC Results 2023 ) ৷ এই ফলাফলত শীৰ্ষত আছে চিৰাং জিলা ৷ চিৰাঙৰ উত্তীৰ্ণৰ হাৰ ৮৮.৬৮% ৷ আনহাতে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৪ লাখ ১৫ হাজাৰ ৩২৪ গৰাকী শিক্ষাৰ্থী । ইয়াৰে ৩ লাখ ১ হাজাৰ ৮৭৯ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় পৰীক্ষাত ।
পৰীক্ষাত শীৰ্ষস্থান লাভ কৰাসকল ক্ৰমে(SEBA Assam HSLC Toppers List 2023)
প্ৰথম স্থান-
হৃদম ঠাকুৰীয়া, শোণিতপুৰ
দ্বিতীয় স্থান-
ইছৰাত ফাৰিহা, নগাঁও
লাকী দেৱী চৌধুৰী, নলবাৰী
মনমিতা শৰ্মা, নলবাৰী
আদিত্য অনুপম কোঁৱৰ, চৰাইদেউ
তৃতীয় স্থান-
নিলোফাৰ ৰহমান, দৰং
অনিন্দিতা বৰা, গোলাঘাট
মৃগাংক ভট্টাচাৰ্য, নলবাৰী
চতুৰ্থ স্থান-
জুবেইৰ ইছলাম, বৰপেটা
ঋতুপৰ্ণ দাস, বৰপেটা
চিনাম জাইফাবি চানু, কাছাৰ
দেবাংগ ডেকা, ডিব্ৰুগড়
স্বাতী কিৰণ গগৈ, ডিব্ৰুগড়
ৰাজীৱ পাল, লখিমপুৰ
অদিতি ভূঞা, কামৰূপ মেট্ৰ’
পঞ্চম স্থান-
কিন্নৰী দত্ত, লখিমপুৰ
সুষ্মিতা পোদ্দাৰ, নগাঁও
নীলোৎপল মণ্ডল, নগাঁও
উপকূল পৰাশৰ, কামৰূপ মেট্ৰ’
অন্তত জৈন, কামৰূপ মেট্ৰ’
ষষ্ঠ স্থান-
নিকুঞ্জ হাজৰিকা, বৰপেটা
অক্ষয় কায়াল, ডিব্ৰুগড়
ছন্দিতা দাস, কামৰূপ মেট্ৰ’
ৰিষ্মিতা মহন্ত, নলবাৰী
সঞ্জনা কৌৰ, কামৰূপ মেট্ৰ’
অন্তৰা মবাচ্ছিৰা হক খণ্ডকাৰ, কামৰূপ মেট্ৰ’
সপ্তম স্থান- প্লাবিতা দাস, বৰপেটা