অসম

assam

ETV Bharat / state

বশিষ্ঠৰ গণেশ নগৰৰ ডকাইতি কাণ্ডৰ দুই ডকাইত গ্ৰেপ্তাৰ

গুৱাহাটীৰ বশিষ্ঠৰ গণেশ নগৰৰ ডকাইটি কাণ্ডৰ দুই কুখ্যাত ডকাইত চাদেক আলি আৰু আনোৱাৰ হুছেইনক গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে

বশিষ্ঠৰ গণেশ নগৰৰ ডকাইতি কাণ্ডৰ দুই ডকাইত গ্ৰেপ্তাৰ

By

Published : Apr 19, 2019, 3:04 AM IST

গুৱাহাটী, 19 এপ্ৰিলঃ বশিষ্ঠ আৰক্ষী আৰু Crime Branchৰ যুটীয়া অভিযানকাৰী দলে গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰে দুই কুখ্যাত ডকাইতক। চাদেক আলি আৰু আনোৱাৰ হুছেইনক গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ দলটোৱে । দুই ডকাইত চাদেক আৰু আনোৱাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা মোবাইল ফোন আৰু এখন দেগাৰ । উল্লেখ্য যে ডকাইতৰ দলটোৱে ডকাইতি কৰি নিয়া মোবাইল ফোনটোৰ IMEI নম্বৰৰ ভিত্তিত মোবাইলটো উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে চাদেক আৰু অনোৱাৰক । উল্লেখ্য যে গুৱাহাটীৰ ভাড়া ঘৰত বাহৰ পাতি ডকাইতিৰ পৰিকল্পনা ৰচিছিল দলটোৱে।

বশিষ্ঠৰ গণেশ নগৰৰ ডকাইতি কাণ্ডৰ দুই ডকাইত গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details