অসম

assam

ETV Bharat / state

HSLC exam 2023: উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা - উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা (HSLC exam 2023)। বুধবাৰে শিক্ষা সংসদে ঘোষণা কৰিলে পৰীক্ষাৰ সময়সূচী । অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা পৰীক্ষাৰ সময়সূচী অনুসৰি ২০ ফেব্ৰুৱাৰী সোমবাৰে ইংৰাজী বিষয়েৰে আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ।

Schedule of HS Final Exam has been announced
উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা

By

Published : Dec 14, 2022, 1:53 PM IST

গুৱাহাটী, ১৪ ডিচেম্বৰ: ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী (HS Final Examination)৷ বুধবাৰে শিক্ষা সংসদে ঘোষণা কৰিলে পৰীক্ষাৰ সময়সূচী । অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা পৰীক্ষাৰ সময়সূচী অনুসৰি ২০ ফেব্ৰুৱাৰী সোমবাৰে ইংৰাজী বিষয়েৰে আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ।

ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখৰ পৰা আৰম্ভ হ’ব পৰীক্ষা আৰু মাৰ্চৰ ২০ তাৰিখ সোমবাৰে অন্ত পৰিব । আনহাতে ব্যৱহাৰিক পৰীক্ষাসমূহ ২৫ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব (HSLC exam 2023)।

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা

২০ ফেব্ৰুৱাৰীত থাকিব ইংৰাজী বিষয়ৰ পৰীক্ষা । ২৩ ফেব্ৰুৱাৰীত পদাৰ্থ বিজ্ঞান, শিক্ষা বিষয়ৰ পৰীক্ষা, ২৫ ফেব্ৰুৱাৰীত অৰ্থনীতি বিষয়ৰ পৰীক্ষা, ২৮ ফেব্ৰুৱাৰীত ৰাজনীতি বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান বিষয়াৰ পৰীক্ষা, ২ মাৰ্চত ভাতৃভাষা বিষয়ৰ পৰীক্ষা, ৬ মাৰ্চত বুৰঞ্জী আৰু জীৱ বিজ্ঞান বিষয়ৰ পৰীক্ষা, ৯ মাৰ্চত গণিত বিষয়ৰ পৰীক্ষা, ১১ মাৰ্চত মনোবিজ্ঞান, তৰ্ক আৰু দৰ্শন বিষয়ৰ পৰীক্ষা, ১৫ মাৰ্চত ভূগোল বিষয়ৰ পৰীক্ষা, ২০ মাৰ্চত হোম চাইঞ্চৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

লগতে পঢ়ক:HSLC exam2023: নতুন শিক্ষানীতিৰে ৩ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

For All Latest Updates

ABOUT THE AUTHOR

...view details