গুৱাহাটী, ১ জানুৱাৰী:বৰ্তমান সময়চোৱাত LGBTQ বিষয়ক কথা-বতৰাবোৰ মানুহৰ মাজত সহজ হৈ পৰিছে । এগৰাকী পুৰুষে আন এগৰাকী পুৰুষৰ প্ৰতি বা এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীৰ প্ৰতি আকৰ্ষিত হোৱা বা প্ৰেমৰ অনুভৱ কৰা এতিয়া অসহজ, অস্বাভাৱিক হৈ থকা নাই । কিছু কিছু লোকে এই কথাবোৰ মানি ল’বলৈ টান পালেও ব্যক্তি বিশেষৰ শাৰীৰিক আৰু মানসিক অনুভৱৰ এই কথাবোৰ কিন্তু সত্য । এইখিনি কোৱাৰ আঁৰত আছে আজিৰ প্ৰতিবেদনৰ কাহিনী ৷ সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷
আচলতে পুৰুষ সমকামিতাৰ কাহিনীৰ আধাৰত আহি আছে এখন নতুন অসমীয়া ছবি ‘সত্য, The Truth’ ৷ ২০২৪ বৰ্ষৰ ২ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব ছবিখন । চিটি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিকল্পনা চন্দন তালুকদাৰৰ, প্ৰযোজনা তিলোত্তমা তালুকদাৰ আৰু পৰিচালনা ৰূপজ্যোতি বৰঠাকুৰৰ । চিনেমাখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা উৎপল দাস তথা নৱাগত অভিনেতা ৰাকেশ বৰুৱাই।
পুৰুষ সমকামিতাৰ কাহিনীৰে আহি আছে সত্য দ্য ট্ৰুথ তদুপৰি এই চিনেমাখনত অভিনয় কৰিছে উদয়ন দুৱৰা, ডৰথী ভৰদ্বাজ, মহেশ বৰা, সুমন দাস আদিকে ধৰি বহু ন-পুৰণি অভিনেতা- অভিনেত্ৰীয়ে । ছবিখনৰ ইতিমধ্যে বিগত বৰ্ষৰ জুনত কশিষ: মুম্বাই আন্তঃৰাষ্ট্ৰীয় কুয়েৰ চলচ্চিত্ৰ মহোৎসৱত ৱৰ্ল্ড প্ৰিমিয়াৰ হৈ যায় । বিশ্বৰ ৪১ খন দেশৰ ১১০ খন চিনেমা প্ৰদৰ্শিত হোৱা এই মহোৎসৱত "সত্য দ্য ট্ৰুথ" ক ইণ্ডিয়ান নেৰেটিভ চেন্টাৰপিচ বোলছবি হিচাপে প্ৰদৰ্শিত কৰা হয় । লগতে মুম্বাইতো বিগত বর্ষৰ আগষ্টত অনুষ্ঠিত হোৱা ১১ সংখ্যক ভাৰতীয় চিনে চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনে জুৰীৰ বিশেষ উল্লেখ লাভ কৰিবলৈ সক্ষম হয় ।
পুৰুষ সমকামিতাৰ কাহিনীৰে আহি আছে সত্য দ্য ট্ৰুথ তদুপৰি চিকাগ’ দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱত যোৱা ছেপ্টেম্বৰত চিকাগ’ চহৰত এই ছবিখন প্ৰদৰ্শিত হয় । ছবিখন ইতিমধ্যে ভাৰতীয় পেনোৰামাৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰতিযোগিতামূলক বোলছবি শিতানত মনোনীত হৈছে । ছবিখনৰ সংগীত পৰিচালনা কৰিছে দিগন্ত ভাৰতী আৰু তৰালী শৰ্মাই । গীতৰ কথা প্ৰশান্ত বৰদলৈ, তৰালী শৰ্মা আৰু ঝুনা কংকন ভূঞাৰ । কণ্ঠদান কৰিছে জুবিন গাৰ্গ, অৰুন্ধতি ভানুপ্ৰিয়া আৰু অনুৰাগ বৰুৱাই । নৃত্য পৰিচালনা কৰিছে অভিজিৎ বৰাই ।
লগতে পঢ়ক:২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত দ্য মিছিং বয়