গুৱাহাটী,৮ মে': শনিবাৰে দিনৰ ভাগলৈ হয়তো অৱসান ঘটিব পাৰে পাঁচদিন ধৰি অব্যাহত থকা মুখ্যমন্ত্ৰীকেন্দ্ৰীক বিতৰ্ক । শুকুৰবাৰে নিশা দিল্লীৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ তলৱ পায়েই শনিবাৰে পুৱা ৭.১৫ বজাত চাৰ্টাৰ্ড বিমানযোগে একেলগে সৰ্বানন্দ সোণোৱাল আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাই উৰা মাৰে দিল্লী অভিমুখে ।
চাৰ্টাৰ্ড বিমানযোগে পুৱাতেই দিল্লীলৈ ৰাওনা সৰ্বা-হিমন্ত - ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা
পুৱাই চাৰ্টাৰ্ড বিমানযোগে দিল্লীলৈ ৰাওনা হয় সৰ্বানন্দ সোণোৱাল আৰু ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ দিল্লীত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে আলোচনাত মিলিত হ’ব সোণোৱাল আৰু ডঃ শৰ্মা ৷
পুৱাই গুৱাহাটীৰ পৰা দিল্লীলৈ একেখন বিমানৰে ৰাওনা হয় সৰ্বা-হিমন্ত৷
দিল্লীত শনিবাৰে দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে আলোচনাত মিলিত হ’ব সোণোৱাল আৰু ডঃ শৰ্মা । সেই আলোচনাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী উপস্থিত থাকিব । সেই বৈঠকতে চূড়ান্ত হ’ব কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ।
লগতে পঢ়ক : সৰ্বানন্দ-হিমন্ত দুয়োকে দিল্লীলৈ তলৱ ৰাষ্ট্ৰীয় নেতৃত্বৰ