অসম

assam

ETV Bharat / state

অসম চুক্তিৰ 5.8 দফাটো বাতিল কৰিব নোৱাৰিবঃ অদীপ কুমাৰ ফুকন - অসম সংগ্ৰামী মঞ্চ

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ, অসমীয়াৰ সংজ্ঞা আদিৰ প্ৰসংগত সংবাদ মেল সম্বোধন কৰে অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে । সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে ৷

অসম চুক্তি 5.8 দফাটো বাতিল কৰিব নোৱাৰিবঃ অদীপ কুমাৰ ফুকন

By

Published : Sep 21, 2019, 7:17 PM IST


গুৱাহাটী, 21 ছেপ্তেম্বৰঃ অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ প্ৰসংগত অসম সংগ্ৰামী মঞ্চৰ গুৱাহাটীৰ ৰাজগড়ত মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰে ৷ অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে অসম চুক্তিৰ ওপৰত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

অসম চুক্তি 5.8 দফাটো বাতিল কৰিব নোৱাৰিবঃ অদীপ কুমাৰ ফুকন

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ, অসমীয়াৰ সংজ্ঞা আদিৰ প্ৰসংগত সংবাদ মেল সম্বোধন কৰে অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে । অসম চুক্তিৰ আজি 34 বছৰ পাৰ হল আৰু এতিয়া কেন্দ্ৰীয় চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এখন কমিটি গঠন কৰি বিভিন্ন দল সংগঠনৰ পৰা 6 নং দফাৰ বিষয়ে মন্তব্য বিচাৰিছে । 5.8 দফাটো বাতিল কৰিব নোৱাৰিব বুলি কলে অদীপ কুমাৰ ফুকনে কাৰণ 5.8 দফাটো বাতিল কৰিলে 6 নং দফাৰ কোনো গুৰুত্ব নাথাকিব বুলি মন্তব্য কৰে । 6 নং দফাত অসমীয়াৰ সংজ্ঞা আছে আৰু ইয়াকে লৈ কেন্দ্ৰীয় চৰকাৰে এক সংঘাত লগাব বিচাৰিচিল বুলি মন্তব্য কৰে ।তাৰোপৰি অসমত পূৰ্ণ স্বায়ত্ব শাসন দিব লাগে বুলি কয় সভাপতি গৰাকীয়ে । 6 জনগোষ্ঠীক জনজাতি কৰন কৰিব লাগে । কিন্তু যি সকল জনজাতিকৰন হয় তেওঁলোকৰ অধিকাৰ খৰ্ব হব নালাগে বুলি কলে অদীপ কুমাৰ ফুকনে ।
কেন্দ্ৰীয় চৰকাৰে অসমৰ ভূমি ক্ষেত্ৰ ৰ নামাকৰণ সলনি কৰিবলৈ হলে ৰাজ্য চৰকাৰৰ অনুমতি লব লাগিব বুলি জানিবলৈ দিলে সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে । কেন্দ্ৰীয় চৰকাৰে অসমৰ ভূমি ক্ষেত্ৰ ৰ নামাকৰণ সলনি কৰিবলৈ হলে ৰাজ্য চৰকাৰৰ অনুমতি লব লাগিব বুলিও কয় ফুকনে ।

তাৰোপৰি চৰকাৰে অতি শীঘ্ৰে ভাৰত বাংলাদেশ সীমান্তৰ ছিল কৰিব লাগে বুলি মন্তব্য কৰে সভাপতি গৰকীয়ে । এন আৰ চি ৰ পৰা ভোটাৰ তালিকা প্ৰস্তুত কৰি স্থায়ী বাসিন্দাৰ ক্ষেত্ৰত সম্পূৰ্ণ হোৱা এন আৰ চি ৰ ওপৰত ভিত্তি কৰিলে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ দিয়াৰ বিষয়েও কলে ফুকনে । লগতে সংবিধানৰ 347 নং অনুচ্ছেদ অনুসৰি প্ৰশাসনিক ভাষা প্ৰচলনৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি য়ে নিৰ্দেশ দিব লাগে আৰু অসমত ৰাজ্য ভাষা হিচাপে অন্য ভাষা কেতিয়াও জাপি দিব নোৱাৰিব এই দাবী কৰিলে অসম সংগ্ৰামী মঞ্চ সভাপতি অদীপ কুমাৰ ফুকন ।

ABOUT THE AUTHOR

...view details