অসম

assam

ETV Bharat / state

দিচপুৰ প্ৰেছ ক্লাবত সম্প্ৰীতি মঞ্চ নামৰ সংগঠনৰ সংবাদমেল - আজমল নেতৃত্বাধীন দুটাকৈ প্ৰতিষ্ঠান

সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগ থকা প্ৰতিষ্ঠানৰ পৰা আজমল ফাউণ্ডেচনলৈ ধন অহা সন্দৰ্ভত সঠিক তদন্ত হ'ব লাগে ৷ এই দাবী সম্প্ৰীতি মঞ্চ নামৰ সংগঠনটোৰ ৷ মঙলবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত কেতবোৰ দাবী উত্থাপন কৰে সংগঠনটোৱে ৷

samprity-mancha-press-meet
দিচপুৰ প্ৰেছ ক্লাবত সম্প্ৰীতি মঞ্চ নামৰ সংগঠনৰ সংবাদমেল

By

Published : Dec 8, 2020, 8:37 PM IST

গুৱাহাটী, 8 ডিচেম্বৰ : সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগ থকা প্ৰতিষ্ঠানৰ পৰা আজমল ফাউণ্ডেচনলৈ ধন অহা সন্দৰ্ভত সঠিক তদন্ত হ'ব লাগে ৷ এই দাবী সম্প্ৰীতি মঞ্চ নামৰ সংগঠনটোৰ ৷ মঙলবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদ মেল আয়োজন কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত কেতবোৰ দাবী উত্থাপন কৰে সংগঠনটোৱে ৷

দিচপুৰ প্ৰেছ ক্লাবত সম্প্ৰীতি মঞ্চ নামৰ সংগঠনৰ সংবাদমেল

সংগঠনটোৱে স্পষ্ট কথা যে, সন্ত্ৰাসবাদীৰ লগত জড়িত থকাৰ অভিযোগ থকা সংগঠনে বিগত সময়ত ১৩০ কোটি টকা দিছে আজমল ফাউণ্ডেচন আৰু মাৰ্কাজুলক ৷ ধন সমূহ যোগান ধৰিছিল মুছলিম এইড নামৰ এটা প্ৰতিষ্ঠানে ৷ এই প্ৰতিষ্ঠানটো হিজবুল মুজাহীদিন নামৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকা অভিযোগ আছে ৷

কেৱল মুছলিম এইডেই নহয় আৰু বহু অভিযোগ থকা প্ৰতিষ্ঠানেও সময়ে সময়ে ধন যোগান ধৰি আহিছে আজমল নেতৃত্বাধীন দুটাকৈ প্ৰতিষ্ঠানক ৷ সেয়ে সংগঠনটোয়ে সংবাদমেলৰ জৰিয়তে দাবী জনায় যে, ইয়াৰ বিৰুদ্ধে এক উচিত তদন্ত হ'ব লাগে ৷ লগতে চৰকাৰে ইয়াৰ বিৰুদ্ধে ক্ষীপ্ৰ তদন্ত কৰিব লাগে বুলি দাবী উত্থাপন কৰে সংগঠনটোৱে ৷ সংবাদমেলত উপস্থিত থাকে ড৹ দয়ানন্দ পাঠক, ড৹ জয়কান্ত শৰ্মা, ড৹ জ্ঞানেন্দ্ৰ বৰ্মনকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক: চিকিৎসা বিশেষজ্ঞৰ তিনিজনীয়া দলক ইলুৰুলৈ প্ৰেৰণ কৰিলে কেন্দ্ৰই

ABOUT THE AUTHOR

...view details