অসম

assam

ETV Bharat / state

বিজেপি চৰকাৰৰ দিনত ৰাজ্যত বন্ধ হৈ পৰিব চাহ উদ্যোগঃ ৰূপজ‍্যোতি কুৰ্মী - rupjyoti kurmi

বিজেপিৰ শাসনকালতে অসমৰ সকলো চাহ উদ্যোগ বন্ধ হৈ যোৱাৰ দাবী বিধায়ক ৰূপজ‍্যোতি কুৰ্মীৰ ৷ অচ্ছে দিনৰ সপোন দেখুৱাই ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ দিনত সকলো উদ্যোগ বন্ধ হোৱাৰ দিশে বুলি মন্তব্য বিধায়ক গৰাকীৰ ৷

ৰূপজ‍্যোতি কুৰ্মী
বিজেপি চৰকাৰৰ দিনত বন্ধ হৈ যাব সকলো চাহ উদ্যোগঃ ৰূপজ‍্যোতি কুৰ্মী

By

Published : Mar 12, 2020, 11:13 PM IST

গুৱাহাটী, 12 ফেব্ৰুৱাৰীঃ অসমৰ চাহ উদ্যোগ কেইদিনমান পাছত বন্ধ হৈ যোৱাৰ দাবী বহুবল্কী বিধায়ক ৰূপজ‍্যোতি কুৰ্মীৰ । বৃহস্পতিবাৰে সাংবাদিকৰ সন্মুখত বিধায়ক গৰাকীয়ে কয় যে, "অচ্ছে দিনৰ সপোন দেখুৱাই ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ দিনত সকলো উদ্যোগ বন্ধ হোৱাৰ পৰিৱেশ ইতিমধ্যে আহি পৰিছে ।

ইতিমধ্যে কৰিমগঞ্জৰ হাতিগিৰা চাহ বাগান ৮ মাহে ৰেচন বনাচ নোহোৱাৰ বাবে বন্ধ হৈ পৰা বুলি মন্তব্য কৰে ৰূপজ‍্যোতি কুৰ্মীয়ে ৷ লগতে সোণাৰি সমষ্টিৰ শিঙৰাজান চাহ বাগান, মৰিগাঁও সমষ্টিৰ সোণোৱাল চাহ বাগান বিগত ৭ মাহে বন্ধ হৈ থকাৰ কথাও উল্লেখ কৰে বিধায়কগৰাকীয়ে । ইয়াৰ উপৰিও এপিজে চাহ বাগানৰ অধীনত ১৪ খন বাগান বন্ধ হৈ আছে । চৰকাৰৰ ভুল নীতিৰ বাবেই এই বাগান সমূহ বন্ধ হৈ আছে মন্তব্য কৰে কুৰ্মীয়ে ।

বিজেপি চৰকাৰৰ দিনত বন্ধ হৈ যাব সকলো চাহ উদ্যোগঃ ৰূপজ‍্যোতি কুৰ্মী

আনহাতে, প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্বাচনী শ্ল'গানৰ চকীদাৰৰ কথা উল্লেখ কৰি তেওঁ কয়, 'আজি চকীদাৰৰ দিনতে ইজনৰ পিছত সিজন ধনকুবেৰে অবৈধ ভাৱে ভাৰতৰ টকা নি বিদেশত ঘূৰি আছে । কিন্তু কাণসাৰ নাই এই চৰকাৰৰ ।'

আৰু পঢ়কঃ প্ৰয়োজনত হাগ্ৰামাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব প্ৰমোদ বড়োৱে !

ABOUT THE AUTHOR

...view details