গুৱাহাটী, ২৩ জুন :প্ৰজ্ঞান ভাৰতীৰ অধীনত আণ্ডাৰ গ্ৰেজুৱেট শিক্ষাৰ্থীক পাঠ্যপুথি ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এহাজাৰ টকাকৈ আগবঢ়োৱা হৈছে (Pragyan Bharati scheme) । ৰাজ্যৰ ৩ লাখ ৫৪ হাজাৰ ৩৪১গৰাকী শিক্ষাৰ্থীলৈ এই অনুদান আগবঢ়োৱা হৈছে । দিছপুৰৰ জনতা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অনুদান প্ৰদানৰ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (Ranoj Pegu at janata bhawan)।
শিক্ষাৰ্থীসকলৰ একাউণ্টত দিয়া এই ধনৰাশিৰ সদ-ব্যৱহাৰৰ বাবে শিক্ষামন্ত্ৰীয়ে শিক্ষাৰ্থীসকলৰ প্ৰতি আহ্বান জনায় । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ বাবে এইবাৰ চৰকাৰী বিদ্যালয়ৰ গৰম বন্ধ কিছু আগুৱাই ২৫ জুনৰ পৰা ২৫ জুলাই লৈ কৰা হৈছে (Education minister declared summer vacation)। মহাবিদ্যালয়ৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি তেওঁ জনায় ।
আনহাতে, এল আই চি এজেণ্ট হিচাপে কাম কৰা শিক্ষকৰ বিৰুদ্ধে শিক্ষা বিভাগ কঠোৰ হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে, প্ৰথম পৰ্যায়ত সকলো শিক্ষকক screening কৰি থকা হৈছে । প্ৰথম পৰ্যায়ৰ এজেণ্টৰ তালিকা ৰাজহুৱা হৈছে । আগলৈ আৰু কৰা হ'ব । নিয়মৰ বিৰুদ্ধে যোৱা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ ।
লগতে পঢ়ক :আকাশ মাৰ্গেৰে কাছাৰৰ বান পৰিস্থিতি বুজ লয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই