অসম

assam

শিল্পী ৰূপম ভূঞাৰ পত্নীৰ আকস্মিক বিয়োগঃ প্ৰস্তুতি পৰাশৰৰ সমবেদনা জ্ঞাপন

পুত্ৰ সন্তানৰ পিতৃ হোৱাৰ আনন্দৰ কেইমুহুৰ্তমানৰ ভিতৰতে পত্নীক হেৰুৱালে শিল্পী ৰূপম ভূঞাৰ ৷ পত্নীৰ অকাল বিয়োগত মৰ্মাহত হৈ পৰিছে শিল্পীগৰাকী ৰূপম ভূঞা । আকস্মিকভাৱে সংঘটিত এই ঘটনাৰ পিছত এতিয়া অকলশৰীয়া হৈ পৰিছে দুই সন্তানৰ পিতৃ ৰূপম ভূঞা ।

By

Published : Mar 12, 2020, 5:20 PM IST

Published : Mar 12, 2020, 5:20 PM IST

Updated : Mar 12, 2020, 9:53 PM IST

Rupam Bhuyan wife dead guwahati kamrup metro assam etv bharat news
Rupam Bhuyan wife dead guwahati kamrup metro assam etv bharat news

গুৱাহাটী,12 মাৰ্চঃ পত্নীহাৰা হ’ল শিল্পী ৰূপম ভূঞা ৷ বৃহস্পতিবাৰে আকস্মিকভাৱে মৃত্যুক সাৱটি লয় শিল্পীগৰাকীৰ পত্নীয়ে ৷ ৰূপম ভূঞাৰ পত্নী মনশ্ৰী বৰুৱাক প্ৰসৱজনিত কাৰণত বুধবাৰে মহানগৰীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ ৰূপম ভূঞাৰ পিতৃয়ে জানিবলৈ দিয়া অনুসৰি, বুধবাৰে দিনৰ 11বজাত এটি পুত্ৰ সন্তান জন্ম দিছিল বোৱাৰী মনশ্ৰীয়ে ।

আকস্মিক মৃত্যু মনশ্ৰী বৰুৱাৰ

সন্ধিয়াৰ ভাগলৈ সকলো ঠিকেই আছিল যদিয়ো চিকিৎসকে হঠাৎ মনশ্ৰীক আই চি ইউত ভৰ্তি কৰোৱাৰ কথা কোৱাৰ লগতে হিমগ্ল’বিন আৰু প্ৰেচাৰৰ তাৰতম্যৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটা বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ পিছতে মনশ্ৰীক পৰিয়ালৰ আগত মৃত বুলি ঘোষণা কৰে চিকিৎসকে ৷ ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰাৰ কথা ভবা নাই বুলি জানিবলৈ দিয়ে শিল্পীগৰাকীৰ পিতৃয়ে ।

মনশ্ৰী বৰুৱাৰ বিয়োগ

ইপিনে,অসমৰ তত্ত্বগধুৰ আৰু ব্যতিক্ৰমী ধাৰাৰ গীতৰ চৰ্চাৰে সমাদৰ আৰু জনপ্ৰিয়তা অৰ্জন কৰা সংগীত শিল্পীগৰাকীৰ পত্নীৰ অকাল বিয়োগত মৰ্মাহত ৰাজ্যৰ বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ । অভিনেত্ৰী গৰাকীয়ে ৰূপম ভূঞা আৰু পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ লগতে বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনায় ৷ যদিয়ো কৰুণ ঘটনাটোৰ প্ৰতিক্ৰিয়াৰ ভাষা নাই তথাপি ৰূপম ভূঞাক ঈশ্বৰে সাহস দিয়ক, শক্তি দিয়ক বুলি ডিব্ৰুগড়ত এখন সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰস্তুতি পৰাশৰে ।

সমবেদনা জ্ঞাপন প্ৰস্তুতি পৰাশৰৰ

লগতে চাওকঃদুৰ্লভ সম্পদেৰে ভৰপূৰ শিৱসাগৰৰ দুৰ্লভ বৰাৰ যাদুঘৰটো

Last Updated : Mar 12, 2020, 9:53 PM IST

ABOUT THE AUTHOR

...view details