নিউজ ডেস্ক,17 জানুৱাৰীঃআজি শিল্পী দিৱস ৷ সমগ্ৰ ৰাজ্যজুৰি সোঁৱৰণ কৰা হৈছে ৰূপৰকোঁৱৰ, অসমীয়া বোলছবিৰ নিৰ্মাতা, গীতিকাৰ, নাট্যকাৰ , লেখক জ্যোতি প্ৰসাদ আগৰৱালক ৷ 1903 চনৰ 17 জুনত ডিব্ৰুগডৰ তামোলবাৰীত জন্ম গ্ৰহণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই ৷
উল্লেখযোগ্য যে, ১৯৩৩ চনৰ শেষৰফালে তেখেতে ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই । লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰিছিল । ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰিছিল আগৰৱালই । তাৰপিছতে ১৯৪১ চনৰ পৰা জ্যোতি প্ৰসাদ আগৰৱালাই স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰিছিল ।