মাথো কাৰ্ডেৰে কিনিব পাৰিব ইন্ধন! কিমান সঁচা এই খবৰ?
কেৱল কাৰ্ডৰ মাধ্যমেৰে ইন্ধন ক্ৰয় কৰিব পাৰিব বুলি বিভিন্ন মাধ্যমযোগে প্ৰচাৰ হৈছিল ৷ কিন্তু তেল ডিপোৰ কৰ্মচাৰীসকলে এই খবৰ ভুৱা বুলি স্পষ্টকৈ প্ৰকাশ কৰিছে ৷ কাৰ্ডৰ লগতে নগদ ধনেৰেও গ্ৰাহকসকলে ক্ৰয় কৰিব পাৰিব ইন্ধন ৷
কেচ-কাৰ্ড দুয়োটা মাধ্যমেৰে ক্ৰয় কৰিব পাৰিব তেল
গুৱাহাটী, 19 এপ্ৰিল : কেৱল কাৰ্ডৰ বিনিময়তহে তেল ডিপোত তেল ক্ৰয় কৰিব পাৰিব বুলি মাধ্যমত প্ৰচাৰ হোৱা বাতৰিক ভুৱা বুলি প্ৰকাশ কৰিছে তেল ডিপো কৰ্তৃপক্ষই ৷ ৰাইজক বিভ্ৰান্ত নহ'বলৈ আহ্বান জনাইছে তেল ডিপোৰ কৰ্মচাৰীসকলে ৷ তেল ডিপোৰ কৰ্মচাৰীসকলে এই খবৰ ভুৱা বুলি স্পষ্টকৈ প্ৰকাশ কৰিছে ৷ কাৰ্ডৰ লগতে নগদ ধনেৰেও গ্ৰাহকসকলে ক্ৰয় কৰিব পাৰিব ইন্ধন ৷