অসম

assam

ETV Bharat / state

অসমত সোমাইছে বহু ৰোহিংগীয়া মুছলমান : শিৱনাথ শৰ্মা - দুই বালনীতি

জনসংখ্যা সমাধান ফাউণ্ডেছনে শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰি ম্যানমাৰৰ পৰা অবৈধভাৱে প্ৰৱেশ কৰা ৰোহিংগীয়াসকলৰ বিচাৰ কৰাৰো দাবী জনাইছে । শুকুৰবাৰে জনসংখ্যা সমাধান ফাউণ্ডেছনৰ পূৰ্বোত্তৰৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডে, পূৰ্বোত্তৰৰৰ সংযোজক লালজী সোণাৰী, সংগঠন সচিব ডাঃ শুভজিত চৌধুৰী, অসম প্ৰান্তৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মা, অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী ঈপ্সিতা বৰুৱা আৰু প্ৰচাৰ সচিব প্ৰসেনজিৎ দেৱে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

population
population

By

Published : Dec 6, 2020, 8:23 AM IST

Updated : Dec 6, 2020, 10:28 AM IST

গুৱাহাটী, 6 ডিচেম্বৰ : “অসমৰ চুকে-কোণে চৰ-চাপৰি অঞ্চলত সোমাই আছে ৰোহিংগীয়া মুছলমান । তেওঁলোকৰ মুখাবয়ব কিছু বাংলাদেশী মুছলমানৰ সৈতে মিলে আৰু অসমত বাংলাদেশীৰ অনুপ্ৰৱেশৰ দৰে ৰোহীংগীয়া মুছলমানেও থিতাপি লৈছে । চৰকাৰ এই ক্ষেত্ৰত কঠোৰ ন’হলে অসমৰ জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিব” ৷ এইদৰে আশংকা প্ৰকাশ কৰি জনসংখ্যা সমাধান ফাউণ্ডেছনে শনিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত ফাউণ্ডেছনৰ অসম প্ৰান্তৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মাই কেতবোৰ তথ্য সদৰি কৰে ।

আনহাতে, ইতিমধ্যে জনসংখ্যা সমাধান ফাউণ্ডেছনে শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰি ম্যানমাৰৰ পৰা অবৈধভাৱে প্ৰৱেশ কৰা ৰোহিংগীয়াসকলৰ বিচাৰ কৰাৰো দাবী জনাইছে । শুকুৰবাৰে জনসংখ্যা সমাধান ফাউণ্ডেছনৰ পূৰ্বোত্তৰৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডে, পূৰ্বোত্তৰৰৰ সংযোজক লালজী সোণাৰী, সংগঠন সচিব ডাঃ শুভজিত চৌধুৰী, অসম প্ৰান্তৰ অধ্যক্ষ শিৱ প্ৰসাদ শৰ্মা, অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী ঈপ্সিতা বৰুৱা আৰু প্ৰচাৰ সচিব প্ৰসেনজিৎ দেৱে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ য'ত অসম সহিতে গোটেই দেশতেই এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন গৃহীত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে পূৰ্বোত্তৰ ৰাজ্যসমূহত ম্যানমাৰৰ পৰা অবৈধভাৱে প্ৰৱেশ কৰা ৰোহীংগীয়াৰ বিষয়টোৰ বিচাৰৰ দাবী জনাইছে ৷ শনিবাৰে সংবাদমেলত এই কথা সদৰি কৰে সংগঠনটোৱে ।

অসমত সোমাইছে বহু ৰোহিংগীয়া মুছলমান

দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত হোৱা জনসংখ্যা বিস্ফোৰণৰ ভয়াবহ স্থিতিৰ বিষয়ে পূৰ্বোত্তৰ অধ্যায়ৰ জনসংখ্যা ফাউণ্ডেছনে (জেএছএফ), পূৰ্বোত্তৰ অধ্যায়ৰ জনসাধাৰণক সজাগ কৰিবলৈ অহৰহ চেষ্টা কৰি আছে বুলি মন্তব্য কৰি সংবাদমেলত ফাউণ্ডেচনৰ বিষববীয়াসকলে কয় যে, আমাৰ দেশ ভাৰত চীন গণৰাজ্যৰ পাছতেই গোটেই পৃথিৱীতেই সৰ্বাধিক জনসংখ্যাৰ দেশ । চীনত কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণৰ যি অধিনিয়ম সেয়া বহুত আগতেই জাৰি কৰা হৈছিল, কিন্তু অতি পৰিতাপৰ কথা যে ভাৰতৰ দৰে উন্নয়নশীল দেশত এতিয়াও জনসংখ্যা বিস্ফোৰণৰ অনুসন্ধান কৰিবলৈ এনে কোনো অধিনিয়ম নাই । এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ অধিনিয়ম আৰু অনিবাৰ্য দুই বালনীতিৰ সমৰ্থনত জনমত গঠন কৰিবলৈ মুখ্য উদ্দেশ্যৰ লগতে জনসংখ্যা সমাধান ফাউণ্ডেছন ২০১৭ চনত গঠন হৈছিল ।

তদানুসাৰে, এই অধিনিয়মৰ বিষয়ে সাৰ্বজনিক সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্য এই সংস্থাই নিজৰ সংগঠনাত্মক আধাৰক বৃদ্ধি কৰিছে । আমাৰ দেশত বিশেষকৈ অসমত দেখা যায় যে স্বাধীনতাৰ পাছৰে পৰা জনসংখ্যা দুটা মুখ্য কাৰণত ভয়ানক ৰূপত বৃদ্ধি হৈছে । সেয়া হৈছে অবৈধ বাংলাদেশী অনুপ্ৰৱেশৰ দ্বাৰা আৰু ধৰ্মীয় এজেণ্ডাৰ জৰিয়তে । তদুপৰি, জ্ঞান আৰু শিক্ষাৰ অভাৱ আন দুটা কাৰণ । বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশৰ পাছতো এইটো এটা গভীৰ বিষয় হিচাপে পৰিগণিত হৈছে যে ইণ্ডো-বাংলা সীমান্ত এতিয়াও সম্পূৰ্ণৰূপে ছীল কৰা হোৱা নাই । তেওঁলোকে কয় যে, অবৈধ অনুপ্ৰৱেশৰ ক্ষেত্ৰত এক বিশেষ সম্প্ৰদায়ৰ মধ্যস্থতাকাৰী আৰু ধাৰ্মিক নেতাৰ উদাহৰণ দিব পাৰি যাৰ জৰিয়তে বৃদ্ধি পাইছে যিয়ে ৰাজনৈতিক অধিকাৰক অস্ত্ৰ হিচাপে লৈ প্ৰেৰণা তথা উচতাই থকা দেখা যায় । ইয়াৰ দ্বাৰা স্বদেশী জনসাধাৰণৰ অস্তিত্বলৈ ভাবুকি অহা দেখা গৈছে ।

আনহাতে, ৰোহিংগীয়াসকলৰ কথা উল্লেখ কৰি কয় যে, চুবুৰীয়া দেশ ম্যানমাৰৰ পৰা যথেষ্ট সংখ্যক ৰোহিংগীয়া মুছলমানৰ অনুপ্ৰৱেশৰ ফলত অসমৰ স্থিতি দিনে দিনে বেয়া হৈ গৈ আছে । জনসংখ্যা সমাধান ফাউণ্ডেছনৰ উত্তৰ পূব আৰু অসম প্ৰান্তই কিছু প্ৰাসংগিক বাতৰি কাকতৰ প্ৰতিবেদনৰ জৰিয়তে ৰোহিংগীয়া মুছলমানৰ অনুপ্ৰৱেশ আৰু এক বিশেষ জনসংখ্যা অধিনিয়ম জাৰি কৰাৰ লগতে পূৰ্ণ প্ৰমাণ যোজনা প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।

লগতে পঢ়ক :মুখ‍্যমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ এদিন পূৰ্বে জিলাখনত উৎখাত অস্ত্ৰ ভাণ্ডাৰ

Last Updated : Dec 6, 2020, 10:28 AM IST

ABOUT THE AUTHOR

...view details