অসম

assam

ETV Bharat / state

চিনেমাৰ কায়দাৰে মহানগৰীত ডকাইতি কাণ্ড ; দিন দুপৰতে লুটি নিলে 40 লাখ টকা - ফেডাৰেল বেংক

মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ বেংকত জমা কৰিবলৈ নিয়া 40 লাখ টকা দিন দুপৰতে লুটি নিলে মটৰ চাইকেলেৰে অহা দুৰ্বৃত্তৰ দলে ৷

robbery Guwahati

By

Published : Aug 27, 2019, 5:41 PM IST

Updated : Aug 27, 2019, 7:12 PM IST

গুৱাহাটী, 27 আগষ্টঃ মঙলবাৰে মহানগৰীত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ ফাঁচীবজাৰৰ ফেডাৰেল বেংকৰ সন্মুখৰ পৰা ডকাইতে লুটি নিয়ে 40 লাখ টকা ৷ প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটীৰ শিলপুখুৰীস্থিত ফেডাৰেল বেংকৰ পৰা ৰিজাৰ্ভ বেংকত ধন জমা কৰিবলৈ AS-01DC-0855 নম্বৰৰ মাৰুতি গাড়ীখনৰ চালকক বেংকৰ কৰ্মচাৰীয়ে দি গৈছিল টকাৰ বেগটো ৷ ঠিক তেতিয়াই পালচাৰ বাইকেৰে অহা অচিনাক্ত দুৰ্বৃত্তই মাৰুতি খনৰ চালকৰ পৰা টকাৰ বেগটো কাঢ়ি তৎক্ষণাত ঘটনাস্থলীৰ পৰা অন্তৰ্ধান হয় ৷ ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো দুৰ্বৃত্তক চিনাক্ত কৰাবলৈ সক্ষম হোৱা নাই ৷

চিনেমাৰ কায়ডাৰে মহানগৰীত ডকাইতি কাণ্ড ; দিন দুপৰতে লুটি নিলে 40 লাখ টকা

আনহাতে দিন দুপৰতে সংঘটিত এই ডকাইতি কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷ আৰক্ষী আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে, মাৰুতি গাড়ীখনত সৰ্বমুঠ এক কোটি 20 লাখ টকা আছিল আৰু ইয়াৰে ৪০ লাখ টকাৰ বেগটো এজেঞ্চিটোৰ গাড়ী চালকৰ হাতত আছিল ৷ এনে প্ৰেক্ষাপটত নিৰাপত্তাৰক্ষী নথকা গাড়ী খনৰ চালকৰ হাতত বৃহৎ পৰিমাণৰ ধন কিয় দিছিল বুলিও প্ৰশ্ন উত্থাপন কৰিছে আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷

চকুৰ সন্মুখতে বেংকত জমা কৰিবলৈ নিয়া 40 লাখ টকা লুটিলে ডকাইতে
Last Updated : Aug 27, 2019, 7:12 PM IST

ABOUT THE AUTHOR

...view details