গুৱাহাটী, ১৮ নৱেম্বৰ :অসম সাহিত্য সভাৰ নিৰ্বাচনত পুনৰবাৰ কালিমা (Assam Sahitya Sabha Election) ৷ চলিত সভাপতি নিৰ্বাচনত ৰিগিঙৰ অভিযোগ ! যাৰ বাবে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদকসহ আন এজনৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে নিৰ্বাচনী বিষয়াই (Assam Sahitya Sabha President Election) ।
বহু চৰ্চিত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ কাম-কাজত নিয়ম উলংঘাৰ অভিযোগ উঠিছে । উক্ত অনিয়মৰ ঘটনা নলবাৰী জিলাত সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে (Assam Sahitya Sabha Election controversy) । উল্লেখ্য, ডিচেম্বৰ মাহত নলবাৰী জিলাত অনুষ্ঠিত হ'লগীয়া অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকতে ঘোষণা হ'ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিকে ধৰি অন্যান্য পদবীৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ফলাফল ।
প্ৰাপ্ত তথ্য অনুসৰি, নিয়মবহিৰ্ভূতভাৱে ভোটাধিকাৰ থকা শাখাৰ পৰা নিৰ্বাচনৰ বেলট সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতা আৰু নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাৰ বিৰুদ্ধে । অসম সাহিত্য সভাৰ ২০২২ বৰ্ষৰ নিৰ্বাচনৰ সভাপতি পদৰ এজন প্ৰাৰ্থীয়ে এই সন্দৰ্ভত নিৰ্বাচন সমিতিৰ ওচৰত অভিযোগ দাখিল কৰে (Rigging in sahitya sabha president election) ।