অসম

assam

ETV Bharat / state

পুনৰ চাকৰিলৈ ঘূৰাই অনা হ’ব অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত ASI ক - অৱসৰপ্ৰাপ্ত ASI

অসম বিধান সভাৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে অৱসৰপ্ৰাপ্ত সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক (ASI) সকলক পুনৰ চাকৰিলৈ ঘূৰাই অনা হ'ব বুলি ঘোষণা কৰে ।

Retired ASI officials to get appointment
পুনৰ চাকৰিত যোগদান কৰিব অৱসৰপ্ৰাপ্ত ASI য়ে

By

Published : Jul 15, 2021, 8:52 PM IST

গুৱাহাটী, ১৫ জুলাই : অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ লৈয়েই ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ অধীনত থকা গৃহ বিভাগত বহু গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে । অসম আৰক্ষীত নতুনকৈ ১০ টা কামাণ্ডো বেটেলিয়ান ফ’ৰ্চ গঠনৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে । বৃহস্পতিবাৰে অসম বিধান সভাৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে অৱসৰপ্ৰাপ্ত সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক (ASI) সকলক পুনৰ চাকৰিলৈ ঘূৰাই অনা হ'ব বুলি ঘোষণা কৰে ।

সদনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ৬০-৬৫ বছৰৰ অৱসৰপ্ৰাপ্ত ASI সকল পুনৰ চাকৰিলৈ আনিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ তেওঁলোকে গোচৰবোৰৰ তদন্ত কৰি অভিযোগনামা দাখিল কৰাৰ কাম কৰিব ৷ লগতে অসম আৰক্ষীৰ অপাৰেচন উইং তথা আইন-শৃংখলাৰৰ উইংটো বেলেগ হ'ব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

পুনৰ চাকৰিত যোগদান কৰিব অৱসৰপ্ৰাপ্ত ASI য়ে

"মৈত্ৰী আঁচনিৰ জৰিয়তে ৩১৯ খন আৰক্ষী থানাক নতুন ৰূপত সজাই তোলা হ'ব । অসমত ১০টা কামাণ্ডো বেটেলিয়নৰ ফ’ৰ্চ অনা হ’ব । দুৰ্গম অঞ্চললৈ যাব এই কামাণ্ডো বেটেলিয়ানৰ দল । বিশেষকৈ সীমান্ত অঞ্চলত এই কামাণ্ডো বেটেলিয়নসকলক মোতায়ন কৰা হ’ব ৷" সদনত এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সকলো আৰক্ষী উপ-পৰিদৰ্শক(SI)য়ে সকলো পেণ্ডিং কেচৰ শ্বাৰ্জশ্বিট দিব লাগে । দিছপুৰ থানাত ১৩,০০০ গোচৰ পৰি আছে, তাৰে ৪ হাজাৰ কেচ দল-সংগঠনৰ । আৰক্ষীৰ ডিউটি ৮ৰ সলনি ৫ ঘণ্টা কৰা হ’ব । অহা ডেৰ বছৰত এয়া সম্পন্ন হ’ব । সকলো বেটেলিয়ন জোৱানৰ এমাহ চুটি বাধ্যতামূলক কৰা হ'ব ৷ লগতে কোৱাৰ্টাৰত থকাসকলে ১০ দিনৰ চুটি পাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: কিয় আকৌ বিতৰ্কলৈ আহিল পৰেশ বৰুৱা ?

ABOUT THE AUTHOR

...view details