অসম

assam

By

Published : Mar 10, 2022, 10:36 PM IST

ETV Bharat / state

গুৱাহাটীত ভূগৰ্ভস্থ পানী আহৰণত নিষিদ্ধতা জাৰি

কেন্দ্ৰীয় ভূগৰ্ভস্থ জলবোৰ্ডৰ অনুমতি অবিহনে গুৱাহাটীত যিকোনো প্ৰকাৰৰ ভূগৰ্ভস্থ পানী আহৰণ কৰা (boring) নিষিদ্ধ কৰা হৈছে। শেহতীয়াভাৱে কামৰূপ মহানগৰ উপায়ুক্ত (এম) পল্লৱ গোপাল ঝাই এক নিৰ্দেশৰ জৰিয়তে কেন্দ্ৰীয় ভূগৰ্ভস্থ জলবোৰ্ডৰ অনুমতি অবিহনে গুৱাহাটীত যিকোনো প্ৰকাৰৰ ভূগৰ্ভস্থ পানী আহৰণ কৰা (boring) নিষিদ্ধ কৰিছে(Ban imposed on groundwater extraction in Guwahati) ।

restriction-on-groundwater-extraction-in-guwahati
গুৱাহাটীত ভূগৰ্ভস্থ পানী আহৰণত নিষিদ্ধতা জাৰি

গুৱাহাটী, 10 মাৰ্চ : গুৱাহাটী একপ্ৰকাৰে জটিল ৰূপ ধাৰণ কৰিছে খোৱাপানীৰ সমস্যাই । মহানগৰীৰ বিভিন্ন ঠাইত ভূগৰ্ভস্থ পানী আহৰণ কৰাত জটিলতাৰ সৃষ্টি হৈছে । বিশেষকৈ মাৰ্চৰ পৰা মে' আৰু জুলাই পৰ্যন্ত গুৱাহাটীত ভূগৰ্ভস্থ পানী যথেষ্ট শুকায় যায় । যাৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ ভূগৰ্ভস্থ পানী আহৰণৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে(restriction on groundwater extraction in Guwahati)। কেন্দ্ৰীয় ভূগৰ্ভস্থ জলবোৰ্ডৰ অনুমতি অবিহনে গুৱাহাটীত যিকোনো প্ৰকাৰৰ ভূগৰ্ভস্থ পানী আহৰণৰ ক্ষেত্ৰত (boring) নিষিদ্ধতা জাৰি কৰা হৈছে ।

গুৱাহাটীত ভূগৰ্ভস্থ পানী আহৰণত নিষিদ্ধতা জাৰি

শেহতীয়াকৈ কামৰূপ মহানগৰ জিলা উপায়ুক্ত (এম) পল্লৱ গোপাল ঝাই এক নিৰ্দেশৰ জৰিয়তে কেন্দ্ৰীয় ভূগৰ্ভস্থ জলবোৰ্ডৰ অনুমতি অবিহনে গুৱাহাটীত যিকোনো প্ৰকাৰৰ ভূগৰ্ভস্থ পানী আহৰণ কৰা (boring) নিষিদ্ধ কৰিছে । এই ক্ষেত্ৰত কামৰূপ মহানগৰ উপায়ুক্ত (এম) পল্লৱ গোপাল ঝাই গুৱাহাটী পৌৰ নিগমৰ (জিএমচি) আয়ুক্তক অনিয়ন্ত্ৰিতভাবে ভূগৰ্ভস্থ পানী আহৰণত কঠোৰ সতৰ্কতা প্ৰয়োগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

নিৰ্দেশ মৰ্মে এতিয়াৰে পৰা গুৱাহাটীৰ ভূগৰ্ভস্থ পানী আহৰণৰ বাবে আপত্তিবিহীন প্ৰমাণ পত্ৰৰ (এন.অ'.চি.) বাবে, আৱেদনকাৰীসকলে cgwa-noc.gov.in ৱেবছাইটযোগে অনলাইন আবেদন কৰিব লাগিব । অবৈজ্ঞানিকভাৱে আৰু যধে মধে সংশ্লিষ্ট কৰ্তৃপক্ষৰ উপযুক্ত অনুমতি অবিহনে গুৱাহাটীৰ ভূগৰ্ভস্থ পানী আহৰণ কৰাৰ সন্দৰ্ভত মহানগৰীৰ বিভিন্ন ব্যক্তি, নিৰ্মাতা আৰু নাগৰিক সমিতিৰ আৰু বিভিন্ন মহলৰ অভিযোগৰ ওপৰত ভিত্তি কৰি কামৰূপ মহানগৰ জিলা উপায়ুক্ত (এম) পল্লৱ গোপাল ঝাই এই নিৰ্দেশনা জাৰি কৰিছে ।

উল্লেখ্য যে, মহানগৰীত বিভিন্ন লোকে অবৈজ্ঞানিকভাবে আৰু যধে মধে সংশ্লিষ্ট কৰ্তৃপক্ষৰ উপযুক্ত অনুমতি অবিহনে গুৱাহাটীৰ ভূগৰ্ভস্থ পানীৰ আহৰণ কৰি থকাৰ ফলত গুৱাহাটীৰ বিভিন্ন ঠাইত ভূগৰ্ভস্থ পানী আহৰনত সমস্যাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Majuli by election : নিৰ্বাচনী ফলাফলকলৈ বাজপেয়ী ভৱনত বিজয় উৎসৱ

ABOUT THE AUTHOR

...view details