গুৱাহাটী, ১২ জুলাই :ৰাজ্য চৰকাৰে আজি এক নিৰ্দেশযোগে প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি ঘটাইছে (Assam government today massive changes at administration) । বিশেষকৈ জিলা উপায়ুক্তৰ ৰদবদল কৰিছে । সেই অনুসৰি কাছাৰৰ উপায়ুক্ত কীৰ্তি জল্লীক কামৰূপৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে । বিপৰীতে কাছাৰৰ উপায়ুক্ত হিচাপে দায়িত্ব দিয়া হৈছে হাইলাকান্দিৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাক ।
আনহাতে, গোৱালপাৰাৰ নতুন উপায়ুক্ত হিচাপে দায়িত্ব দিয়া হৈছে খনীন্দ্ৰ চৌধুৰীক (Reshuffle of DCs in Assam) । বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালক গৃহ আৰু ৰাজনীতি বিভাগৰ অতিৰিক্ত সচিব পদলৈ বদলি কৰা হৈছে । আনহাতে, গোৱালপাৰাৰ উপায়ুক্ত মীনাক্ষি দাস নাথক সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক পদলৈ বদলি কৰা হৈছে ।
কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিকক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত সচিব পদলৈ বদলি কৰা হৈছে । ইফালে নগাঁৱৰ উপায়ুক্ত এইচ এন গৌতমক হাইলাকান্দিৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে । বাক্সাৰ উপায়ুক্ত আয়ুস গাৰ্গক বৰপেটাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে । একেদৰে চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক নগাঁৱৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে ।
আনহাতে, গোসাঁইগাঁৱৰ এডিচি এম এম পাৰ্টিনক বাক্সাৰ উপায়ুক্তৰূপে নিযুক্তি দিয়া হৈছে । সেইদৰে দক্ষিণ শালমাৰাৰ এডিচি লখিমী কুটুমক দক্ষিণ শালমৰাৰ ভাৰপ্ৰাপ্ত উপায়ুক্তৰ দায়িত্ব দিয়া হৈছে । ইয়াৰ বিপৰীতে পি ভি ভাস্কৰ ৰেড্ডীক চিৰাঙৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে ।
লগতে পঢ়ক :Cyber crime in Barpeta : বৰপেটাৰ উপায়ুক্তৰ নামত দুষ্টচক্ৰৰ উপহাৰ দাবী