গুৱাহাটী, ১৫ নৱেম্বৰ:মিজোৰামৰ হানহথিয়াল জিলাৰ মৌদাৰহত সোমবাৰে দিনৰ ২.৪৫ বজাত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত সন্ধানহীন হোৱা ৫জন শ্ৰমিক আজিও উদ্ধাৰ হোৱা নাই (Rock quarry collapsed in Mizoram) ৷ উল্লেখ্য় যে এখন পাহাৰত থকা এটা শিলৰ কুঁৱেৰী খহি পৰাৰ পিছত ১৫ জন সন্ধানহীন হৈ পৰে ৷ ইয়াৰ পিছতেই জিলা কৰ্তৃপক্ষৰ লগতে সমীপৰ লাইটে গাঁৱৰ বাসিন্দাই ঘটনাস্থলীত উপস্থিত হৈ চলোৱা অভিযানত ১০ জনৰ মৃতদেহ উদ্ধাৰ কৰা হয় (Workers missing after a rock quarry collapsed)। ইপিনে,আন ৫জন শ্ৰমিক এতিয়াও সন্ধানহীন হৈ আছে ।
উল্লেখ্য় যে ৰাজ্যখনৰ হানহথিয়াল জিলাৰ মৌদাৰহস্থিত এটা ব্যক্তিগত কোম্পানীয়ে ন্যুনতম সাৱধানতা অৱলম্বন নকৰাকৈয়ে চলাই আহিছিল এটা শিলৰ কুঁৱেৰী ৷ আনদিনাৰ দৰে সোমবাৰেও শ্ৰমিকসকলে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ পৰা উভতি আহি প্ৰৱেশ কৰিছিল তলত গুহা সদৃশ হৈ পৰা কুঁৱেৰীত (Landslide in Mizoram) ৷ শ্ৰমিকসকল কুঁৱেৰীত সোমোৱাৰ লগে লগে শিলৰ কুঁৱেৰীটো পাহাৰৰ অংশসহ তলৰ গুহাত সোমাই পৰে । লগে লগে ১৫ জন শ্ৰমিক সহ ৫ খন এক্সাভেটৰৰ লগতে অনান্য ড্ৰিলিং মেচিন মাটিত পোত যায় ৷