অসম

assam

ETV Bharat / state

সদন ত্যাগ কৰি বাজেট সম্পৰ্কে বিৰোধীৰ প্ৰতিক্ৰিয়া - বাজেট সম্পৰ্কে বিৰোধীৰ প্ৰতিক্ৰিয়া

অসম বিধান সভাৰ বাজেট অধিৱেশনৰ দিনাই সদনত বাজেটখন উত্থাপন হোৱাৰ আগতেই ৱেবছাইটযোগে বাজেটখন প্ৰকাশ হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই ৷

বাজেট সম্পৰ্কে বিৰোধীৰ মন্তব্য
বাজেট সম্পৰ্কে বিৰোধীৰ মন্তব্য

By

Published : Mar 6, 2020, 7:00 PM IST

গুৱাহাটী, 6 মাৰ্চঃ আজি অসম বিধান সভাৰ বাজেট অধিৱেশন ৷ সদন ত্যাগ কৰিয়েই আজিৰ বাজেট সন্দৰ্ভত নিজৰ প্ৰকিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী নেতা তৰুণ গগৈয়ে ৷ দিনৰ 2 বজাত বাজেট দাখিলৰ সময় আছিল যদিও তাৰ পূৰ্বেই পুৱাই ৱেবছাইটযোগে প্ৰকাশ পাইছিল বাজেট ৷ পূৰ্বে এনে ঘটনা কেতিয়াও হোৱা নাছিল বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে যি চৰকাৰে বাজেটখনৰ ক্ষেত্ৰতো গোপনীয়তা বৰ্তাই ৰাখিব নোৱাৰে, যি চৰকাৰে এনআৰচি শুদ্ধভাৱে কৰিব নোৱাৰে, যি চৰকাৰে আমি নিৰ্মাণ কৰা ৰাস্তাবোৰো ভালকৈ মেৰামতি কৰিব নোৱাৰে তেনে স্থলত সেইখন চৰকাৰে গৌৰৱ কৰাৰ কোনো থল নাই বুলিও বিজেপি চৰকাৰক সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

বাজেট সম্পৰ্কে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া

আনহাতে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াইয়ো আজিৰ বাজেট সম্পৰ্কে নিজৰ মন্তব্য দাঙি ধৰি সংবাদ মাধ্যমৰ আগত কয় যে, "বিধানসভাত উত্থাপন হোৱাৰ আগতেই ৱেবছাইটযোগে বাজেট প্ৰকাশৰ বিষয়টোক বিজেপি চৰকাৰে গতানুগতিকভাৱে লৈছে ৷ ইয়াক লৈ তেওঁলোকৰ কোনো ধৰণৰ অনুসুচনা দেখিবলৈ পোৱা নগ'ল ৷" লগতে এই ঘটনাই বিধানসভা তথা জনপ্ৰতিনিধি সকলক উপলুঙা কৰিছে আৰু ইতিমধ্যেই যিহেতু তেওঁলোকে বাজেটখন পাইছে গতিকে ইয়াত নতুনত্ব একো নাই বাবে তেওঁলোকে সদন ত্যাগ কৰা বুলি মন্তব্য কৰে বিৰোধীৰ দলপতি গৰাকীয়ে ৷

বাজেট সম্পৰ্কে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

লগতে পঢ়কঃবাজেট দাখিলৰ পূৰ্বে বিত্ত বিভাগৰ ৱেবচাইটত বাজেট মুকলি হোৱাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিভিন্নজনৰ

ABOUT THE AUTHOR

...view details