অসম

assam

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 8:11 PM IST

Updated : Sep 23, 2023, 8:53 PM IST

ETV Bharat / state

AASU Controversy: আছুৰ কেন্দ্ৰীয় কমিটী অবৈধ ! ন্যায়ালয়ত গোচৰ বিদ্ৰোহী ছাত্ৰ নেতাৰ

আকৌ বিতৰ্কৰ আৱৰ্তত আছু । বিদ্ৰোহী ছাত্ৰ নেতাই আছুৰ বৰ্তমানৰ কমিটীক অবৈধ আখ্যা দিছে ৷ লগতে ছাত্ৰৰ ভুৱা পৰিচয়েৰে বৃদ্ধ ছাত্ৰই ছাত্ৰ সমাজক নেতৃত্ব দিয়াৰ বিৰুদ্ধে উজাৰিছে ক্ষোভ ৷ ছাত্ৰ সন্থাত সংস্কাৰ বিচাৰি ন্যায়ালয়ৰ কাষ চাপিছে বিদ্ৰোহী ছাত্ৰ নেতাই ৷

AASU Controversy
AASU Controversy

গুৱাহাটী, ২৩ ছেপ্টেম্বৰ: সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিক অবৈধ ঘোষণা কৰাৰ দাবীৰে ন্যায়ালয়ত এক গোচৰ তৰিছে দিব্যজ্যোতি মেধি নামৰ এগৰাকী বিদ্ৰোহী ছাত্ৰ নেতাই ।

সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ কেইবাটাও অনুচ্ছেদ উলংঘা কৰি বহু বৃদ্ধলোক তথা বহু দশক পূর্বেই ছাত্ৰাৱস্থা সাং কৰা অধিকাংশ লোকে আজিৰ তাৰিখত নিজকে ছাত্ৰৰ ভুৱা পৰিচয় দি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰি অসমৰ ছাত্র সমাজক নেতৃত্ব প্রদান কৰি আহিছে বুলি অভিযোগ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধিয়ে ।

লগতে গুৱাহাটীত এক সংবাদমেলত দিব্যজ্যোতি মেধিৰ অভিযোগ, “একাংশ অছাত্র অথবা বৃদ্ধলোকৰ পাক-চক্ৰত এতিয়া সদৌ অসম ছাত্ৰ সন্থাত প্রকৃত ছাত্ৰৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা বিধৰ হৈছে ।’’

তেওঁ কয় যে এই চক্ৰটোৱে বিভিন্ন সময়ত একাংশ প্রকৃত ছাত্ৰই শিক্ষাগ্ৰহণৰ সমান্তৰালভাৱে দীর্ঘদিন ধৰি নিষ্ঠা আৰু সততাৰে সদৌ অসম ছাত্ৰ সন্থাক সেৱা আগবঢ়াই অহাৰ পিছতো ভৱিষ্যতে এই চক্ৰটোৰ প্ৰতি শংকা বা বিপদ সৃষ্টি কৰিব বুলি ভাবিয়েই অনুশাসনৰ দোহাই দি একাংশ প্রকৃত ছাত্রক এচাম অছাত্রই সংগঠনটোৰ পৰা অপসাৰণ কৰি অহাৰ নজিৰ দীৰ্ঘদিনীয়া ।

উদাহৰণ স্বৰূপে ছাত্ৰনেতা উদ্দীপজ্যোতি গগৈয়ে বৃদ্ধ ছাত্ৰৰ আক্ৰোশৰ বলি হৈ ছাত্ৰ সন্থা ত্যাগ কৰাৰ কথা সদৰী কৰে দিব্যজ্যোতি মেধিয়ে ৷ এনে ব্যক্তিগত আক্রোশৰ বলি হোৱা একাংশ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা এতিয়া ন্যায় বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ বাধ্য হৈছে বুলি তেওঁৰ মন্তব্য ।

উল্লেখ্য যে, কামৰূপ (মহানগৰ) জিলাৰ উচ্চ শিক্ষা প্রতিষ্ঠান ডিমৰীয়া মহাবিদ্যালয়ত সংঘটিত এক বৃহৎ বিত্তীয় কেলেংকাৰী প্রসংগত সৰৱ হৈ পৰোঁতেই স্থানীয় ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাখন ভংগ কৰি দিয়া হৈছে ।

প্ৰায় দহ কোটি টকীয়া বিত্তীয় কেলেংকাৰীৰ সৈতে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ ভংগৰ বিষয়টো সম্পর্ক আছে বুলি ইতিমধ্যে ব্যাপক চর্চা হৈছে । UGC পুঁজি কেলেংকাৰীক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ অভিযোগ থকা এজন জ্যেষ্ঠ অধ্যাপকক ভাৰপ্রাপ্ত অধ্যক্ষৰ দ্বায়িত্ব দিয়াৰ বিৰোধিতা কৰি ডিমৰীয়া আছুয়ে পত্ৰ দিয়াৰ দিনটোতে আঞ্চলিকখন ভংগ বুলি ঘোষণা কৰা কথাটোৱে ডিমৰীয়াবাসী ৰাইজৰ লগতে ছাত্র সমাজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বুলি সংবাদমেলত প্ৰকাশ কৰে বিদ্ৰোহী ছাত্ৰ নেতাজনে ৷

মন কৰিবলগীয়া যে যোৱা ২১ মে’ত আছুৰ অনুশাসন ভংগ কৰাৰ অভিযোগত সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধিক এবছৰৰ বাবে অব্যাহতি প্রদান কৰা হয় ৷

আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই ১১,১২ আৰু ১৩ এপ্রিলত সোণাপুৰ মিনি ষ্টেডিয়ামত বিহু নাচ কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত ৰঙালী বিহু আদৰণী উৎসৱত অসমৰ ৰাজ্যপালগৰাকীক অতিথি হিচাপে নিমন্ত্রণ জনাবলৈ যোৱাৰ অভিযোগত দিব্যজ্যোতি মেধিক অব্যাহতি দিয়ে বুলি আছুৰ নেতৃত্বই অৱগত কৰে যদিও দিব্যজ্যোতি মেধিয়ে কোনো পত্ৰ নোপোৱাৰ কথা সদৰী কৰে ।

আনুষ্ঠানিক পত্ৰ প্ৰেৰণ নকৰাৰ বাবে বিষয়টোৰ সন্দৰ্ভত আছুৰ নেতৃত্বক স্থিতি স্পষ্ট কৰিবলৈ ভাৰপ্ৰাপ্ত সভাপতি/সাধাৰণ সম্পাদকক দিব্যজ্যোতি মেধিয়ে এখনি পত্ৰ প্ৰেৰণ কৰে । কিন্তু এই আটাইবোৰ পত্ৰ সন্দৰ্ভত আছুৰ কেন্দ্রীয় আৰু জিলা নেতৃত্বই বৰ্তমানলৈ ৰহস্যজনক মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে বুলি মন্তব্য কৰে দিব্যজ্যোতি মেধিয়ে ।

তাৰ পিছতে যোৱা ১৪ ছেপ্টেম্বৰত সোণাপুৰত অনুষ্ঠিত ৰাজহুৱা সভাৰ প্রস্তাৱ অনুসৰি বিষয়সমূহৰ ন্যায় বিচাৰি দিব্যজ্যোতি মেধিয়ে ন্যায়ালয়ত গোচৰ ৰুজু কৰে । অহা ২১ৰ পৰা ২৩ নৱেম্বৰলৈ মৰিগাঁৱত অনুষ্ঠিত হ'বলগীয়া কেন্দ্রীয় অধিৱেশনত সভাপতি অথবা সাধাৰণ সম্পাদকৰ পদত প্ৰতিদ্বন্দিতা কৰাৰ পৰা আঁতৰাই ৰাখিবলৈ এই ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

বৰ্তমানৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাক দায়িত্ব দিয়া সভাখনত সভাপতিত্ব কৰা দিপাংক কুমাৰ নাথ নিজে বৈধ সভাপতি নাছিল আৰু সেই সময়ৰ কেন্দ্ৰীয় সমিতিৰ অধিকাংশ বিষয়াববীয়াই আছুৰ সংবিধান অনুসৰি বৈধ নাছিল বুলি অভিযোগ বিদ্ৰোহী ছাত্ৰ নেতাজনৰ ।

তদানীন্তন সভাপতি দিপাংক কুমাৰ নাথ আৰু ৰাজ্যিক কার্যনির্বাহকৰ অধিকাংশ বিষয়ববীয়াই সংবিধান অৱমাননা কৰি ছাত্র জীৱন বহুবছৰ পূর্বেই পৰিসমাপ্তি ঘটাই নিজকে ছাত্র বুলি পৰিচয় দি ভুৱা পৰিচয়ৰে অসমৰ ছাত্ৰ সমাজক নেতৃত্ব প্রদান কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ।

দিব্যজ্যোতি মেধিয়ে জনায় যে বৰ্তমানৰ কাৰ্যনিৰ্বাহকৰ ৫৫ জন বিষয়ববীয়াই অতি শীঘ্ৰে ন্যায়ালয়ত বয়সৰ প্ৰমাণ পত্ৰৰ লগতে শিক্ষানুষ্ঠানত নামভর্তি কৰাৰ প্ৰমাণ পত্ৰ, শ্ৰেণীত উপস্থিত থকাৰ প্ৰমাণ আৰু অন্তিমটো পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্রয়োজনীয় এডমিট কার্ড আৰু প্ৰমাণ পত্ৰ ন্যায়ালয়ত জমা দিব লাগিব ।

অসমৰ ছাত্র সমাজক নেতৃত্ব দিয়া এচাম অছাত্ৰৰ কৰালগ্ৰাসৰ পৰা সদৌ অসম ছাত্ৰ সন্থাক মুক্ত কৰি সংগঠনটোৰ সংস্কাৰ সাধনৰ উদ্দেশ্যে এনে পদক্ষেপ গ্রহণ কৰা হ'ল বুলি ন্যায়ালয়ৰ কাষ চপা ছাত্ৰ নেতাজনে সদৰী কৰে ।

লগতে পঢ়ক:AJP Ek Asom Yatra : ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত চাকৰিৰ চিণ্ডিকেটৰাজ আৰম্ভ হৈছে; লুৰীণজ্যোতি গগৈ

Last Updated : Sep 23, 2023, 8:53 PM IST

ABOUT THE AUTHOR

...view details