গুৱাহাটী,2মেঃ "নিৰ্বাচনৰ সময়ত দলৰ বিৰুদ্ধে কাম কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা ল'ব বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই" বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এই মন্তব্য সভাপতি ৰঞ্জিত দাসৰ ৷ লগতে ৰঞ্জিত দাসে আৰ পি শৰ্মাৰ ওপৰতো ব্যৱস্থা ল'বৰ বাবে কেন্দ্ৰক জনাব বুলি মন্তব্য কৰে। সাংসদৰ বিৰুদ্ধে শ্ব'কজ দিব নোৱাৰাৰ বাবেই ৰঞ্জিত দাসে কেন্দ্ৰীয় নেতৃত্বক সকলো বিষয় অৱগত কৰিব সভাপতি গৰাকীয়ে। লগতে নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীসকলেও দল বিৰোধী কাৰ্যকলাপত জড়িত সকলৰ বিৰুদ্ধে বন্ধ খামত অভিযোগ দাখিল কৰিব পাৰিব বুলি মন্তব্য সভাপতি দাসৰ ।
আৰ পি শৰ্মাৰ ওপৰত ব্যৱস্থা ল'বলৈ কেন্দ্ৰীয় নেতৃত্বক জনাব ৰঞ্জিত দাসে - আৰ পি শৰ্মা
বুধবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সভাপতি ৰঞ্জিত দাসে আৰ পি শৰ্মাৰ ওপৰত ব্যৱস্থা ল'বলৈ কেন্দ্ৰীয় নেতৃত্বক জনাব বুলি মন্তব্য কৰে ৷ লগতে ৰাষ্ট্ৰসংঘত মাছুদ আজহাৰ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ৰূপে ঘোষণা হোৱাতো ভাৰতৰ বাবে এক বৃহৎ জয় বুলি উল্লেখ কৰে ৷
আৰ পি শৰ্মাৰ ওপৰত ব্যৱস্থা ল'বলৈ কেন্দ্ৰীয় নেতৃত্বক জনাব ৰঞ্জিত দাসে
ইপিনে বুধবাৰে ৰাষ্ট্ৰসংঘত মাছুদ আজহাৰক বিশ্বসন্ত্ৰাস ৰূপে ঘোষণা কৰাত আদৰণি জনায় ৷ লগতে প্ৰধানমন্ত্ৰীৰ তৎপৰতাত ৰাষ্ট্ৰসংঘত হোৱা এই ঘোষণাৰ পাচতে এতিয়া ভাৰতখন শান্তিময় ৰাষ্ট্ৰ ৰূপে গঢ় ল'ব বুলি সাংবাদিকৰ আগত উল্লেখ কৰে ৷