অসম

assam

By

Published : Nov 24, 2019, 10:47 PM IST

ETV Bharat / state

জুবলী ফাউণ্ডেশ্বনৰ উদ্যেগত "ৰংগান্থন" অনুষ্ঠান

অংগদানৰ জৰিয়তে মৃত্যুৰ পিছতো নিজকে জীয়াই ৰাখিব পাৰি । এই ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে জুবলী ফাউণ্ডেশ্বনে আয়োজন কৰি আহিছে এই অনুষ্ঠানৰ ৷

জুবলী ফাউণ্ডেশ্বনৰ উদ্যেগত "ৰংগান্থন" অনুষ্ঠান

গুৱাহাটী, 24 নৱেম্বৰঃ দেওবাৰে সোণাৰাম খেলপথাৰত জুবলী ফাউণ্ডেশ্বনৰ উদ্যোগত অনুষ্ঠিত হয় 'ৰংগান্থন' শীৰ্ষ অনুষ্ঠান । পুৱাই এক সজাগতামূলক দৌৰেৰে আৰম্ভণি কৰা হয় এই অনুষ্ঠানৰ । পুৰুষ আৰু মহিলা দুটা শাখাত অনুষ্ঠিত এই দৌৰত প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । ইয়াৰ পিছতেই মহিলাসকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন অনুষ্ঠানৰ । গীতে মাতে জীপাল হৈ পৰে সোণাৰাম খেলপথাৰ । অনুষ্ঠানত গীতৰ তালে তালে নাচিলে কেইবা শতাধিক যুৱতী-মহিলাই । অংগদানৰ জৰিয়তে মৃত্যুৰ পিছতো নিজকে জীয়াই ৰাখিব পাৰি । এই ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে জুবলী ফাউণ্ডেশ্বনে আয়োজন কৰি আহিছে এই অনুষ্ঠানৰ । তাৰোপৰি মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবেও জনপ্ৰিয় গায়িকা জুবলী বৰুৱাই লৈ আহিছে বিভিন্ন উদগনিমূলক পদক্ষেপ ৷

জুবলী ফাউণ্ডেশ্বনৰ উদ্যেগত "ৰংগান্থন" অনুষ্ঠান

ABOUT THE AUTHOR

...view details