অসম

assam

ETV Bharat / state

চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত ৰঙালী বিহু আয়োজন

দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা আয়োজন কৰা হ'ব ৰঙালী বিহু কাৰ্যসূচী৷

চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত ৰঙালী বিহু আয়োজন

By

Published : May 2, 2019, 8:44 PM IST

গুৱাহাটী, 2 মেঃ দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব ৰঙালী বিহু অনুষ্ঠান ৷ গুৱাহাটী ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে এই বিহুৰ অনুষ্ঠান ৷

চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত ৰঙালী বিহু আয়োজন

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত চান্দমাৰী ৰঙালী বিহু অনুষ্ঠানৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে উদ্যোক্তাসকলে ৷ শুকুৰবাৰে পুৱা পতাকা উত্তোলনেৰে অনুষ্ঠান আৰম্ভ হোৱাৰ পাচতেই আয়োজন কৰা হ'ব বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা ৷ ৰঙালী বিহুথলীত নিশা অনুষ্ঠিত হ'ব বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান ৷

ABOUT THE AUTHOR

...view details