অসম

assam

সমাজকৰ্মী ৰাইনুৰ আহমেদক প্ৰাণে মৰাৰ ভাবুকি !

সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সভাপতি ৰাইনুৰ আহমেদক দুৰ্বৃত্তৰ প্ৰাণে মৰাৰ ভাবুকি ৷ অচিনাক্ত নম্বৰেৰে কোনো দুৰ্বৃত্তই প্ৰাণে মৰাৰ ভাবুকি দিয়ে বুলি সাংবাদিকৰ আগত উল্লেখ কৰে সভাপতিগৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত দাখিল এজাহাৰ৷

By

Published : Jul 6, 2020, 2:59 PM IST

Published : Jul 6, 2020, 2:59 PM IST

ETV Bharat / state

সমাজকৰ্মী ৰাইনুৰ আহমেদক প্ৰাণে মৰাৰ ভাবুকি !

raipur_threatening_case_mukalmuwa
মুকালমুৱাৰ সমাজকৰ্মী ৰাইনুৰ আহমেদক প্ৰাণে মৰাৰ ভাবুকি!

গুৱাহাটী, 6জুলাই: সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সভাপতি ৰাইনুৰ আহমেদক প্ৰাণে মৰাৰ ভাবুকি কোনো দুৰ্বৃত্তৰ । এটা অচিনাকি ম'বাইল নম্বৰেৰে কোনো দুৰ্বৃত্তই মৃত্যুৰ ভাবুকি দিয়ে মুকালমুৱাৰ নিবাসী ৰাইনুৰক । এই ঘটনাৰ পিছতে প্ৰাণৰ মমতাত ভুগিছে সভাপতিগৰাকীৰ পৰিয়ালে । পেছাত এগৰাকী ফাৰ্মাচিষ্ট হিচাপে কৰ্মৰত ৰাইনুৰ আহমেদক দেওবাৰে দুপৰীয়া ১২ বাজি ৩২ মিনিটত এটা অচিনাকি নম্বৰৰ পৰা মৃত্যুৰ ভাবুকি আহে বুলি সাংবাদিকৰ আগত উল্লেখ কৰে সভাপতিগৰাকীয়ে ৷

মুকালমুৱাৰ সমাজকৰ্মী ৰাইনুৰ আহমেদক প্ৰাণে মৰাৰ ভাবুকি!

অন্য এক খবৰৰ বাবে:কাৰাগাৰত অসুস্থ অখিল গগৈৰ দেহত কৰ’ণাৰ লক্ষণ: উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত

উল্লেখ্য যে, ৰাইনুৰ আহমেদ সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত বহু বছৰ ধৰি জড়িত হৈ থকাৰ লগতে তেখেত এগৰাকী লিখক, সুবক্তা আৰু সদৌ অসম গৰীয়া-মৰিয়া দেশী পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াকে ধৰি বহু সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত । ইয়াৰোপৰি দুৰ্নীতি, অনিয়ম আৰু সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে মাত মাতি আহিছে আহমেদে । যাৰ বাবে কোনো দুৰ্নীতিগ্ৰস্ত লোকে তেওঁক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে সমাজকৰ্মীগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details