গুৱাহাটী, 31 মে’ :ৰাজ্য চৰকাৰৰ পিপিইকিট কেলেংকাৰীক লৈ উত্তপ্ত হৈ আছে ৰাজনৈতিক (PPE Kit controversy Assam) বাতাবৰণ । শাসক-বিৰোধীৰ অভিযোগ-প্ৰতি অভিযোগৰ মাজৰে ৰাজ্যত পিপিই কিট লৈ অব্যাহত আছে বিতৰ্ক । পিপিই কিট কেলেংকাৰীৰ সন্দৰ্ভত পুনৰ সৰৱ হৈ পৰিছে ৰাইজৰ দল ।
সোমবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত পিপিই কিট কেলেংকাৰীৰ সন্দৰ্ভত এখন সংবাদমেল সংম্বোধন কৰি ৰাইজৰ দলৰ মুখপাত্ৰ ড৹ জ্ঞানশ্ৰী বৰাই কয়, পিপিই কিটক লৈ মন্ত্ৰী পীযুষ হাজৰিকাই ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মিছা বুলি প্ৰমাণ কৰিছে । ইয়াৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা ধন্যবাদৰ পাত্ৰ । তেওঁ কয়, পীযুষ হাজৰিকাই সংবাদমেলখনৰ যোগেদি অসমৰ ৰাইজক পিপিই কিটৰ নামত ঠগিলে, সেয়া প্ৰমাণ কৰিলে ।
উল্লেখ্য যে, পিপিই কিট অনা বিমানখনৰ পাইলটক সন্মান জনাবলৈ হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই বিমান বন্দৰলৈ গৈছিল । কিন্তু সেই কথা এতিয়া অস্বীকাৰ কৰিছে মন্ত্ৰীগৰাকীয়ে । তাৰোপৰি পিপিই কিটসমূহ কোনজন ব্যক্তিয়ে আনিছিল, সেয়া কথা এতিয়াও চৰকাৰে ৰাজহুৱা কৰা নাই ।
সেয়ে হাজাৰ হাজাৰ পিপিই কিট বৰ্তমান ক'ত আছে আৰু সেইখিনি অনাৰ বাবদ কাৰ্গ' বিমানৰ খৰচ কিমান হৈছে, সেয়া ৰাজহুৱা কৰিবৰ বাবে ৰাইজৰ দলে চৰকাৰক দাবী জনায় (Import PPE Kit from China to Assam) ।