মহিলা মল্লযুঁজাৰুসকলৰ সমৰ্থনত ৰাইজৰ দলৰ প্ৰতিবাদ গুৱাহাটী,৩ জুন:মহানগৰীৰ দীঘলীপুখুৰী পাৰত ৰাইজৰ দলে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । ন্যায় বিচাৰি দিল্লীত প্ৰতিবাদ কৰি থকা পদক বিজয়ী মল্লযুঁজাৰুসকলৰ সমৰ্থনত ৰাইজৰ দলে এই প্ৰতিবাদ সাব্যস্ত কৰে । নাৰী নিৰ্যাতনৰ গোচৰত অভিযুক্ত বিজেপি সাংসদ ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে উচিত তদন্তৰ দাবীত দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰে (Raijor Dal protest in support of women wrestlers) ।
ৰাইজৰ দলৰ নেতা কৰ্মীয়ে দীঘলীপুখুৰীৰ পাৰত হাতত মমবাতি লৈ বিজেপি চৰকাৰ হায় হায়, দোষীয়ে শাস্তি পাব লাগিবই, মল্লযোদ্ধাসকলক নিৰাপত্তা দিব লাগিবই লাগিব, মল্লযুদ্ধাসকলে ন্যায় পাব লাগিবই লাগিব, ব্ৰীজ ভূষণ চৰণ সিঙে শাস্তি পাব লাগিবই আদি শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰে (Wrestlers protest in Delhi) ।
ৰাইজৰ দলৰ কৰ্মীসকলে সভাপতি বিধায়ক অখিল গগৈৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বালাছোৰৰ ৰেল দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি সমবেদনা জনাই এক মিনিট মৌন প্ৰাৰ্থনাও কৰে । প্ৰতিবাদথলীত অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, বিজেপি চৰকাৰে নাৰী নিৰ্যাতনকাৰীক ৰক্ষণাবেক্ষণ দিয়াই নহয় দেশৰ প্ৰচলিত আইন ব্যৱস্থাক ভৰিৰে মোহাৰি পেলাবলৈ অলপো কুন্ঠাবোধ নকৰে (Wrestlers Federation of India controversy) ।
মল্লযোদ্ধাসকলৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ সাধাৰণ প্ৰতিবাদ হৈ থকা নাই (Protest against BJP MP Brij Bhushan Sharan Singh) । বিজেপি চৰকাৰ দিনত হোৱা তিনিটা বৃহৎ প্ৰতিবাদৰ অন্যতম হৈছে মল্লযোদ্ধা সকলৰ প্ৰতিবাদ । মোদী চৰকাৰ বিৰুদ্ধে হোৱা CAA আন্দোলন, কৃষক আন্দোলনৰ পিছতে মল্লযোদ্ধাসকলৰ প্ৰতিবাদে স্থান পাইছে ।
বিজেপি চৰকাৰৰ স্বৈৰতান্ত্ৰিক, ফাচীবাদী শাসনৰ বিৰুদ্ধে হোৱা এই তিনিটা প্ৰতিবাদ ইতিহাসত অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰতিবাদ হিচাপে বিবেচিত হ'ব । ব্ৰীজ ভূষন চৰণ সিঙক বিজেপি চৰকাৰে যিমান দিন ৰক্ষণাবেক্ষণ দি থাকিব জনতাৰ মনত জ্বলি থকা ক্ষোভৰ জুইকুৰাৰ উত্তাপ সিমানেই বৃদ্ধি পাব ।
সেই ক্ষোভৰ জুইয়ে নিশ্চিতভাৱে বিজেপি চৰকাৰক এদিন দহিব । ৰাইজৰ দলে ব্ৰীজ ভূষণ চৰণ সিঙক গ্ৰেপ্তাৰ আৰু তেওঁৰ সাংসদ পদ খাৰিজৰ লগতে ভাৰতীয় মল্লযোদ্ধা সন্থাৰ অধ্যক্ষ পদৰ পৰা তেওঁক অপসাৰণৰ দাবী কৰিছে । মল্লযোদ্ধাসকলক ন্যায় প্ৰদানৰ দাবীও কৰিছে দলটোৱে । শীঘ্ৰে ৰাইজৰ দলৰ প্ৰতিনিধিয়ে দিল্লীলৈ গৈ আন্দোলনকাৰী মল্লযোদ্ধাসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিব বুলি কয় শিৱসাগৰৰ বিধায়কগৰাকীয়ে ।
লগতে পঢ়ক:World Bicycle Day: বিশ্ব চাইকেল দিৱসৰ দিনা চৰ্চালৈ এখন বিশেষ চাইকেলে