গুৱাহাটী,জুলাই 6 : অসমত ৰাষ্ট্ৰসংঘৰ বিশ্ববিদ্যালয় স্থাপনৰ নামত প্ৰৱঞ্চনা । ভুৱা প্ৰচাৰেৰে ধনী হোৱাৰ চক্ৰান্ত ডক্টৰেট ডিগ্ৰীধাৰী প্ৰৱঞ্চকৰ ৷ ডঃ অশ্বিনী শৰ্মা নামৰ এজন ব্যক্তিয়ে 2015 চনৰ পৰাই অসমত ৰাষ্ট্ৰসংঘৰ বিশ্ববিদ্যালয় স্থাপনৰ উৰাবাতৰি প্ৰচাৰ কৰি আহিছিল । কেৱল ইমানেই নহয়, চাকৰি দিয়াৰ নামত একাংশ লোকৰ পৰা লাখে লাখে টকা সৰকাইছে এইগৰাকী লোকে ৷ কিন্তু আজিকোপতি নিৰ্মাণ নহ'ল বিশ্ববিদ্যালয় ৷ অৱশেষত অতিষ্ঠ হৈ ভুক্তভোগীয়ে পত্ৰ প্ৰেৰণ কৰিলে ৰাষ্ট্ৰসংঘলৈ ৷ তাৰ পাচতেই ফাদিল হ'ল সমস্ত তথ্য ৷ ভুক্ত ভুগীৰ পত্ৰৰ উত্তৰত ৰাষ্ট্ৰ সংঘই জনাই যে, অসমত বিশ্ববিদ্যালয় স্থাপনৰ কোনো পৰিকল্পনাই নাই ৰাষ্ট্ৰসংঘৰ ৷
অসমত ৰাষ্ট্ৰসংঘৰ বিশ্ববিদ্যালয়ঃ ভুৱা বাতৰিৰে প্ৰৱঞ্চনা বহুজনক - etv_assam
ৰাষ্ট্ৰসংঘৰ বিশ্ববিদ্যালয়ত চাকৰি দিয়াৰ নামত একাংশ লোকৰ পৰা লাখে লাখে টকা সৰকাইছিল এইগৰাকী লোকে ৷ কিন্তু আজিকোপতি নিৰ্মাণ নহ'ল বিশ্ববিদ্যালয় ৷ অৱশেষত অতিষ্ঠ হৈ ভুক্তভোগীয়ে পত্ৰ প্ৰেৰণ কৰিলে ৰাষ্ট্ৰসংঘলৈ ৷
ৰাষ্ট্ৰসংঘৰ পৰা এই তথ্য লাভ কৰাৰ পাচতেই 2018 চনত চন্দ্ৰ কুমাৰ শৰ্মা নামৰ এজন ভুক্তভোগীয়ে ডঃ অশ্বিনী শৰ্মাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল দিশপুৰ আৰক্ষী থানাত । উক্ত এজাহাৰৰ ভিত্তিত দিশপুৰ থানাত 3863/18 নম্বৰত ৰুজু হৈছিল এটা গোচৰ । কিন্তু আশ্চৰ্যজনকভাৱে বৰ্তমানলৈকে গোচৰটোৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে দিশপুৰ আৰক্ষীয়ে ৷ আৰক্ষী আয়ুক্তক এই বিষয়ে অৱগত কৰোৱাৰ পাচতো কিন্তু গোচৰটোৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে আয়ুক্তগৰাকীয়ে ৷ যাৰে বাবে ক্ষোভ প্ৰকাশ কৰিছে অভিযোগকাৰী চন্দ্ৰ কুমাৰ শৰ্মাই । আনহাতে, গোচৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আৰক্ষী আয়ুক্ত দীপক কুমাৰে ঘটনাৰ তদন্ত চলি থকা বুলি কৈ বিষয়টোৰ পৰা ফালৰি কটাৰ চেষ্টা চলায় ৷ ৰাষ্ট্ৰসংঘৰ নামৰ ভুৱা প্ৰচাৰ চলাই প্ৰৱঞ্চনাৰ ফান্দ পতা এইজন ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে? নে আইনৰ সুৰুঙাৰে পলাই সাৰিবলৈ সক্ষম হ'ব ডক্টৰেট ডিগ্ৰীধাৰী এইজন প্ৰৱঞ্চক ৷