গুৱাহাটী , ১১ এপ্ৰিল :গুৱাহাটীৰ হৃৎপিণ্ড স্বৰূপ দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে ( জি এম চি ) বিগত বছৰৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত অবৈধভাৱে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি দূষিত আৱৰ্জনা পেলোৱাক লৈ দীপৰ বিলৰ দুয়োপাৰে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ১৬ খন গাঁৱৰ ৰাইজ দুৰ্গন্ধৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে ।
আনকি, বিগত সময়চোৱাত জিএমচিয়ে ৰাইজৰ দাবীত ডাম্পিং গ্ৰাউণ্ডত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি প্ৰদূষণৰ পৰা অঞ্চলটোক ৰক্ষা কৰিব বুলিও কেইবাৰো প্ৰতিশ্ৰুতি আগবঢ়াইছিল যদিও সেয়া ফোটোকাৰ ফেনলৈ ৰূপান্তৰিত হোৱাত এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চটোৰ স্থানীয় ৰাইজ ৷ যাৰ ফলত ডাম্পিং গ্ৰাউণ্ডৰ বিপৰীত দিশত থকা পামহী কাৰ্বিপাৰা ৰাইজে মৃত্যুমুখী দীপৰ বিলৰ পৰিবেশ ৰক্ষাৰ স্বাৰ্থত দীপৰ বিলৰ পাৰত দুঘণ্টাযোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ।
কাৰ্যসূচীত সদৌ অসম ট্ৰাইৱেল সংঘ, কাৰ্বি ছাত্ৰসন্থা , দীপৰ বিল পাঁচপাৰা সমবায় সমিতি, ধলবামা গ্ৰাম্য উন্নয়ন সমিতি , পামহী বড়ো সমাজ , মাঘুৱাপাৰা , দেউছতাল , পামহী , কলিতাপাৰা , নেপালীপাৰা , ধলবামা , আজাৰা ছাত্ৰ সন্থাকে ধৰি অঞ্চলটোৰ ১৬ টা দল সংগঠনৰ দুই শতাধিক লোকে হাতে হাতে বেনাৰ , প্লে-কাৰ্ড লৈ দীপৰ বিলক ৰক্ষা কৰক , ৰেললাইন স্থানান্তৰ কৰক , ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনা পেলোৱা আৰু পামহী কেনেলৰে দীপৰ বিলত দূষিত পানী পেলোৱা বন্ধ কৰক ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে (Public protest against dumping ground near Dipor Bil)।