গুৱাহাটী, 19 অক্টোবৰ: বাঘজান কাণ্ডই ১৪৬ দিন অতিক্ৰম কৰাৰ পাচতো অগ্নি নিৰ্বাপন কৰিব নোৱাৰাৰ লগতে, বাঘজানবাসী ৰাইজে উচিত ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ যাৰ বাবে সোমবাৰে বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত মহানগৰীৰ চচলস্থিত নিৰ্ধাৰিত ধৰ্ণাস্থলীত বাঘজানবাসীয়ে এক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷
উচিত ক্ষতিপূৰণৰ দাবীৰে গুৱাহাটীত বাঘজানবাসীৰ প্ৰতিবাদ - বাঘজা
সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ন্যায্য প্ৰাপ্তিৰ দাবীৰে মহানগৰীত প্ৰতিবাদ সাব্যস্ত বাঘজানবাসীৰ ৷ বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত মহানগৰীৰ চচল ধৰ্ণাস্থলীত সাব্যস্ত প্ৰতিবাদ ৷
গুৱাহাটীত বাঘজানবাসীৰ প্ৰতিবাদ
তৈল খাদটোৰ জুই অতি শীঘ্ৰেই নিৰ্বাপন কৰাৰ লগতে, তৎকালীনভাৱে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উচিত ক্ষতিপুৰণ দিয়াৰ দাবীৰে বাঘজানবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে চচলস্থিত ধৰ্ণাস্থলীত ৷ 4 ঘণ্টীয়া ঘৰ্মঘট কাৰ্যসূচীৰ পাচত প্ৰতিবাদকাৰী সকলে পূৱ মহানগৰ আৰক্ষী জিলাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত হিমাংশু দাসৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বাঘজানবাসীয়ে মহানগৰীত ন্যায্য প্ৰাপ্তিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিব ৷