নিউজ ডেস্ক, 12 ডিচেম্বৰ:মহানগৰীত সান্ধ্য আইন জাৰি কৰা হৈছে যদিও অব্যাহত আছে প্ৰতিবাদ ৷ মহানগৰীৰ প্ৰান্তে প্ৰান্তে ৰাইজে পথৰ ওপৰত টায়াৰ জ্বলাই, সমদল উলিয়াই উদাত্ত শ্নোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ সেনাৰ ফ্লেগ মাৰ্চ, কন্দুৱা গেছ প্ৰয়োগ, ৰাবাৰ বুলেট আদি নিক্ষেপকো আওকাণ কৰি ওলাই আহিছে সহস্ৰ জনতা ৷
ধুবুৰী:ধুবুৰীত কেবক লৈ অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ ৷ আজি ধুবুৰী আইন মহাবিদ্যালয়ৰ পৰা আৰম্ভ হোৱা বিশাল প্ৰতিবাদী সমদলত অংশ লয় ধুবুৰী আইন মহাবিদ্যালয়, ধুবুৰী ভোলানাথ কলেজ আৰু ধুবুৰী আজমল কলেজকে ধৰি কেইবাখনো মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ৷ সাংবাদিকৰ আগত তীব্ৰ ক্ষোভ উজাৰিলে একাংশ প্ৰতিবাদকাৰীয়ে ৷
বঙাইগাঁও:বঙাইগাঁৱত হেজাৰ হেজাৰ প্ৰতিবাদকাৰীক আক্ৰাছুৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত আবদ্ধ কৰি ৰাখিছে বঙাইগাঁও আৰক্ষীয়ে ৷ প্ৰতিবাদকাৰী সকলে অভয়াপুৰীৰ বিজেপি কাৰ্যালয় লণ্ডভণ্ড কৰাৰ লগতে খগৰপুৰ বিজেপি কাৰ্যালয়ো লণ্ডভণ্ড কৰে ৷ ঠায়ে ঠায়ে আৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে শূণ্যলৈ গুলিচালনা কৰিও শান্ত কৰিব পৰা নাই পৰিস্থিতি ৷