অসম

assam

ETV Bharat / state

Protest at Guwahati Refinery: নতুন গৃহৰক্ষী জোৱান নিযুক্তিৰ দাবীত গুৱাহাটী শোধনাগাৰৰ সন্মুখত প্ৰতিবাদ - গুৱাহাটী তেল শোধনাগাৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখ

কাৰ্যকাল উকলি যোৱাৰ পিচটো একেটা পদতে খামোচ মাৰি ধৰি আছে গুৱাহাটী শোধনাগাৰত কৰ্মৰত 105 গৰাকী গৃহৰক্ষী জোৱান ৷ ফলত নতুন গৃহৰক্ষী জোৱান নিযুক্তিত আহি পৰিছে বাধা ৷ উপায়ন্তৰ হৈ ন্যায় বিচাৰি প্ৰতিবাদ বহিল গৃহৰক্ষী জোৱান ৷

Protest demanding recruitment of new home guards
নতুন গৃহৰক্ষী জোৱান নিযুক্তিত বাধা

By

Published : Jun 27, 2023, 7:36 AM IST

নতুন গৃহৰক্ষী জোৱান নিযুক্তিত বাধা

গুৱাহাটী, 27 জুন :গুৱাহাটী তেল শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে গৃহৰক্ষী জোৱান । গুৱাহাটী তেল শোধনাগাৰত গৃহৰক্ষী জোৱানৰ নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম গৃহৰক্ষী সেচ্ছাসেৱক কল্যাণ সন্থাৰ কামৰূপ জিলা সমিতিয়ে ৷ যাৰ বিৰোধিতাৰে সোমবাৰে সদৌ অসম গৃহৰক্ষী সেচ্ছাসেৱক কল্যাণ সন্থাৰ কামৰূপ জিলা সমিতিয়ে গুৱাহাটী তেল শোধনাগাৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ।

সোমবাৰে গুৱাহাটী তেল শোধনাগাৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় সন্থাৰ সভাপতি জেহেৰুল ইছলাম আৰু সম্পাদক মৃণাল দাসে ৷ সংবাদ মাধ্যমৰ আগত জেহেৰুল ইছলাম আৰু মৃণাল দাসে কয়, ‘‘অসম গৃহৰক্ষী আইন অনুসৰি এজন গৃহৰক্ষী সেচ্ছাসেৱক জোৱানৰ নিযুক্তিৰ কাল ছয়মাহ ।’’

লগতে কয়, ‘‘সেই কাৰ্যকাল উকলি যোৱাৰ পিচত একেটা প্ৰতিষ্ঠানত একেটা পদত অন্য এজন জোৱানক নিযুক্তি দিয়া হয় । কিন্তু লক্ষণীয় কথা যে গুৱাহাটী তেল শোধনাগাৰত বছৰ বছৰ ধৰি কৰ্তব্য পালন কৰি আছে 105 গৰাকী গৃহৰক্ষী জোৱানে । নতুনকৈ কোনো গৃহৰক্ষী জোৱানক নিযুক্তি দিয়া হোৱা নাই ৷ লগতে পুৰণি গৃহৰক্ষী জোৱানসকলো বদলি বা বহিষ্কাৰ কৰা নাই ৷’’

লগতে সন্থাৰ সভাপতি জেহেৰুল ইছলাম আৰু সম্পাদক মৃণাল দাসে অভিযোগ কৰে যে নতুনকৈ নিযুক্তিৰ বাবে কমাণ্ডেণ্ট কাৰ্যালয়ৰ পৰা কমাণ্ড চাৰ্টিফিকেট পোৱাৰ পিচতো আজি পৰ্যন্ত বহু সংখ্যক গৃহৰক্ষী জোৱান নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে ।

এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে সোমবাৰে গৃহৰক্ষী সন্থাই গুৱাহাটী তেল শোধনাগাৰৰ (আই অ চি) ডি জি এমক সাক্ষাৎ বিচাৰিছিল ৷ কিন্তু গৃহৰক্ষী সন্থাৰ সদস্যসকলক সাক্ষাৎ কৰাৰ অনুমতি প্ৰদান নকৰিলে গুৱাহাটী তেল শোধনাগাৰ কৰ্তৃপক্ষই ৷ উপায়ন্তৰ হৈ গৃহৰক্ষী সন্থাই গুৱাহাটী তেল শোধনাগাৰৰ সন্মুখতে সোমবাৰে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

গুৱাহাটী তেল শোধনাগাৰ কৰ্তৃপক্ষৰ এনে কৰ্মকাণ্ডক লৈ আশ্বৰ্য প্ৰকাশ কৰি পৰৱৰ্তী সময়ত গৃহৰক্ষী জোৱানক চাকৰিত যোগদান কৰাৰ পৰা বঞ্চিত কৰিলে গুৱাহাটী তেল শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ কাৰই নহয়, আদালতৰ কাষ চপাৰ হুংকাৰ প্ৰদান কৰে গৃহৰক্ষী সন্থাৰ নেতৃবৃন্দই ৷

লগতে পঢ়ক :Firing in Nagaon: নগাঁৱত দুৰ্বৃত্তৰ গুলীত আহত ঔষধ বিপণিৰ স্বত্বাধিকাৰী

ABOUT THE AUTHOR

...view details