অসম

assam

By

Published : Jul 9, 2019, 8:03 PM IST

ETV Bharat / state

গুৱাহাটীত প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ প্ৰতিবাদ, থানা ঘেৰাও

যোৱা ৯ জুনত প্ৰতিবন্ধী সকলৰ বাবে ৩৫৭ টা পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল ৷ এই পৰীক্ষাৰ কিছু বেমেজালি তথা প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ অনুসৰি প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সম্পাদক নৃপেন মালাকাৰৰ নাম সাঙোৰ খাইছিল এই বিষয়ত । আন কেইবাটাও সংগঠনে সম্পাদক নৃপেন মালাকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি সংবাদমেলো পাতিছিল ।

গুৱাহাটীত প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ প্ৰতিবাদ, থানা ঘেৰাও

গুৱাহাটী, 9 জুলাই: মঙলবাৰে মহানগৰীৰ দিছপুৰ থানা ঘেৰাও কৰে প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ কৰ্মকৰ্তা সকলে । যোৱা ৯ জুনত প্ৰতিবন্ধী সকলৰ বাবে ৩৫৭ টা পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল ৷ এই পৰীক্ষাৰ কিছু বেমেজালি তথা প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ অনুসৰি প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সম্পাদক নৃপেন মালাকাৰৰ নাম সাঙোৰ খাইছিল এই বিষয়ত । আন কেইবাটাও সংগঠনে সম্পাদক নৃপেন মালাকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি সংবাদমেলো পাতিছিল ।

গুৱাহাটীত প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ প্ৰতিবাদ, থানা ঘেৰাও

কিন্তু বিগত সময়ত সম্পাদকগৰাকীয়ে তেখেতৰ বিৰুদ্ধে উঠা অভিযোগ সম্পূৰ্ণ ভুৱা আৰু বহু দুষ্কৃতিকাৰীয়ে তেখেতক ভাবুকি দি আহিছে বুলি দিছপুৰ থানাত এক গোচৰ ৰুজু কৰে । দিছপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত লেহেমীয়া কৰা বুলি অভিযোগ উত্থাপন কৰি মঙলবাৰে প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ কৰ্মকৰ্তা সকলে এইদৰে প্ৰতিবাদ কৰে ।

ABOUT THE AUTHOR

...view details