অসম

assam

ETV Bharat / state

নতুন ভাড়া নিৰিখক লৈ প্ৰতিবাদমুখৰ মহানগৰীৰ ব্যৱসায়ীসকল

মহানগৰীৰ দিছপুৰ চুপাৰ মাৰ্কেটৰ ব্যৱসায়ী সকলৰ অভিযোগ অনুসৰি, বজাৰ নিৰ্মাণৰ নামত অহা ধন হৰলুকি হৈছে আৰু ইয়াৰ প্ৰত্যক্ষ ছত্ৰছাঁয়াত আছে খুদ নিগমৰ আয়ুক্ত ৷

প্ৰতিবাদমুখৰ মহানগৰীৰ ব্যৱসায়ীসকল
প্ৰতিবাদমুখৰ মহানগৰীৰ ব্যৱসায়ীসকল

By

Published : Dec 18, 2020, 10:27 PM IST

গুৱাহাটী, 18 ডিচেম্বৰ :গুৱাহাটী পৌৰ নিগমৰ অধীনৰ ৯ খনকৈ বজাৰৰ বজাৰ গৃহ নিৰ্মাণৰ নামত অহা ১২ কোটি টকা কলৈ গ’ল ? কোনে উদৰস্থ কৰিলে ব্যৱসায়ী সকলৰ বজাৰ গৃহ নিৰ্মাণৰ নামত অহা ধন ? এই প্ৰশ্ন নিগমৰ অন্তৰ্গত মহানগৰীৰ দিছপুৰ চুপাৰ মাৰ্কেটৰ ব্যৱসায়ী সকলৰ ৷

মহানগৰীৰ দিছপুৰ চুপাৰ মাৰ্কেট

ব্যৱসায়ী সকলৰ অভিযোগ অনুসৰি, বজাৰ নিৰ্মাণৰ নামত অহা ধন হৰলুকি হৈছে আৰু ইয়াৰ প্ৰত্যক্ষ ছত্ৰছাঁয়াত আছে খোদ নিগমৰ আয়ুক্ত ৷ বজাৰ নিৰ্মাণ কৰিবলৈ অহা ধনেৰে নিজৰ ভঁৰাল চহকী কৰি নিগমৰ অন্তৰ্গত বজাৰগৃহসমূহ মেৰামতিৰ নামত অনিয়ম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ব্যৱসায়ীসকলে ৷

নতুন ভাড়া নিৰিখক লৈ প্ৰতিবাদমুখৰ মহানগৰীৰ ব্যৱসায়ীসকল

ইফালে বজাৰগৃহ সমূহৰ নতুন ভাড়া নিৰিখ সন্দৰ্ভতো ইটিভি ভাৰতৰ সাংবাদিকৰ আগত মনৰ ক্ষোভ উজাৰিলে চুপাৰমাৰ্কেটৰ ব্যৱসায়ীসকলে ৷ ব্যৱসায়ী সকলৰ মন্তব্য- “প্ৰথমে বজাৰ গৃহ সমূহৰ গৃহ পুনৰ নিৰ্মাণ কৰি উপযুক্ত কৰি তোলক ৷ তাৰ পাছত ভাড়া বৃদ্ধি কৰক ৷” উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই নিগমৰ অন্তৰ্গত বজাৰ গৃহ সমূহৰ নতুন ভাড়াৰ নিৰিখ প্ৰতি বৰ্গ ফুটত ৩ টকাৰ পৰা ৫ টকা পৰ্যন্ত বৃদ্ধি কৰিছে ৷ যাৰ বাবে প্ৰতিবাদমুখৰ হৈ পৰিছে ব্যৱসায়ী সকল ৷

লগতে পঢ়ক:পথাৰ আৰু বজাৰ দখলৰ চিন্তাৰে আগবাঢ়িছে জান চাৰিঙীয়া

ABOUT THE AUTHOR

...view details