অসম

assam

ETV Bharat / state

সংকটমুক্ত নহয় বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্ত - হেল্থ চিটী হাস্পাতাল

বৰ্তমানে 6 জনীয়া চিকিৎসকৰ এটা দল শিল্পীগৰাকীৰ চিকিৎসাত বৰ্তি আছে ৷ ব্ৰেইন ষ্ট্ৰ’কৰ উপৰি মধুমেহ,উচ্চ ৰক্ত চাপ ৰোগতো আক্ৰান্ত শিল্পী গৰাকী ৷ ইপিনে,শিল্পী গৰাকীৰ বাওঁ অংশও যথেষ্ট দুৰ্বল হৈ পৰাৰ কথা সাংবাদিকক অৱগত কৰে হাস্পতালখনৰ চিকিৎসকে ৷

Prominent vocalist Archana Mahanta Health Condition is Very Critical
সংকটমুক্ত নহয় বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্ত

By

Published : Jul 17, 2020, 4:22 PM IST

গুৱাহাটী,17 জুলাইঃৰাজ্যৰ বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্ত বৰ্তমানেও সংকটমুক্ত নহয় ৷ আজি এক সংবাদমেল যোগে এই কথা জনালে গুৱাহাটীস্থিত হেল্থ চিটী হাস্পতালৰ কৰ্তৃপক্ষই ৷ গুৰুতৰভাৱে অসুস্থ অৰ্চনা মহন্তৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত শিল্পীগৰাকীক আই চি ইউত ৰখা হৈছে ৷ চিকিৎসকে সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে,বৰ্তমানে 6 জনীয়া চিকিৎসকৰ এটা দল শিল্পীগৰাকীৰ চিকিৎসাত বৰ্তি আছে ৷ ব্ৰেইন ষ্ট্ৰ’কৰ উপৰি মধুমেহ,উচ্চ ৰক্ত চাপ আদি ৰোগতো আক্ৰান্ত শিল্পী গৰাকী ৷ ইপিনে,শিল্পী গৰাকীৰ বাওঁ অংশও যথেষ্ট দুৰ্বল হৈ পৰাৰ কথা সাংবাদিকক অৱগত কৰে হাস্পতালখনৰ চিকিৎসকে ৷

সংকটমুক্ত নহয় বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্ত

ইপিনে মাতৃ অৰ্চনা মহন্তৰ স্বাস্থ্যৰ প্ৰতিটো সময়তে বুজ লৈছে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অসম সন্তান অংগৰাগ পাপন মহন্তই ৷ দুই এদিনতে মুম্বাই পৰা অসম পাবহি শিল্পী গৰাকী ৷

উল্লেখযোগ্য যে,ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত অৰ্চনা মহন্তক যোৱা 14 জুলাই তাৰিখে ভৰ্তি কৰোৱা হৈছিল হেল্থ চিটী হাস্পতালত ৷

লগতে পঢ়কঃশোণিতপুৰত 504 গৰাকীলৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা

ABOUT THE AUTHOR

...view details