অসম

assam

ETV Bharat / state

Project Sadbhawna : ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব চৰকাৰৰ সদ্ভাৱনা প্ৰকল্পৰ কাম - ফেব্ৰুৱাৰাৰী পৰা আৰম্ভ হ'ব সদভাৱনা প্ৰকল্পৰ কাম

১ ফেব্ৰুৱাৰাৰী পৰা আৰম্ভ হ’ব ৰাজ্য চৰকাৰৰ সদ্ভাৱনা প্ৰকল্প ৰূপায়ণৰ কাম (Project Sadbhawna of Assam government) । জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীসকলক তেওঁলোকৰ ভূমিকাৰ পুনৰ মূল্যায়ণেৰে জনসাধাৰণলৈ উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনায় ৷

Project Sadbhawna
ফেব্ৰুৱাৰাৰী পৰা আৰম্ভ হ'ব চৰকাৰৰ সদভাৱনা প্ৰকল্পৰ কাম

By

Published : Jan 17, 2022, 10:46 PM IST

গুৱাহাটী, 17 জানুৱাৰী :মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সদ্ভাৱনা প্ৰকল্প (Project Sadbhawna of Assam government) সন্দৰ্ভত সচিবালয়ৰ বিষয়া-কৰ্মচাৰীৰ সৈতে সোমবাৰে অনুষ্ঠিত হোৱা এক মত-বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীসকলক তেওঁলোকৰ ভূমিকাৰ পুনৰ মূল্যায়ণেৰে জনসাধাৰণলৈ সেৱা আগবঢ়োৱাৰ দিশত পুনৰ ঐকান্তিকতাৰে তথা উৎসৰ্গিত মনোভাৱেৰে কৰ্মত আত্মনিয়োগ কৰাৰ বাবে আহ্বান জনায় (Interactive programme of Project Sadbhavana) ৷

মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে, সকলোবোৰ পুৰণি বিষয় তথা ফাইলৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰি এইসমূহ বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে ১ ফেব্ৰুৱাৰীৰ পৰা সদ্ভাৱনা প্ৰকল্প ৰূপায়ণৰ কাম আৰম্ভ কৰিব ৷ এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, জনতা ভৱনৰ বিভিন্ন বিভাগত বহুসংখ্যক পুৰণি বিষয় তথা ফাইল আছে ৷ এই ফাইলসমূহ সচিবালয়ৰ বিভিন্ন বিভাগৰ ৰেকত পৰি থাকি ধূলি-মাকতিৰে সংপৃক্ত হৈ এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু জনসাধাৰণে এই পুৰণি বিষয়সমূহৰ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট বিভাগসমূহলৈ আহিবলগীয়াত পৰে ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, মেচাৰ্চ কে পি এম জি (M/S KPMG) য়ে অলপতে কৰা এক সমীক্ষাত সচিবালয়লৈ জনসাধাৰণ অহা কাৰণসমূহ সুন্দৰভাৱে বিশ্লেষণ কৰিছে ৷ এই বিশ্লেষণত এইটো প্ৰতীয়মান হৈছে যে, সচিবালয়লৈ জনসাধাৰণে পুৰণি ফাইলৰ বিচাৰ-খোচাৰৰ বাবে সচিবালয়লৈ আহে, যিসমূহৰ কাম বছৰ বছৰ ধৰি কৰা হোৱা নাই ৷

সমীক্ষাটোত এই কথা প্ৰকাশ পাইছে যে, জনসাধাৰণৰ দ্বাৰা সঘনাই পৰিদৰ্শন কৰা শীৰ্ষৰ ৫ টা বিভাগ হ’ল- শিক্ষা (২৭ শতাংশ), লোকনিৰ্মাণ (১৯ শতাংশ), পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি (৮ শতাংশ), জলসিঞ্চন (৫ শতাংশ) আৰু সমাজ কল্যাণ বিভাগ (৪ শতাংশ) ৷

এই জনসাধাৰণৰ ভিতৰত সঘনাই অহা পৰিসংখ্যা এনেধৰণৰ- চৰকাৰী চাকৰিয়াল ২৯ শতাংশ, ঠিকাদাৰ ২৪ শতাংশ, শিক্ষক-শিক্ষয়িত্ৰী ১২ শতাংশ, সাধাৰণ জনতা ৭ শতাংশ, কোম্পানী ইত্যাদি ৬.৫ শতাংশ, অৱসৰপ্ৰাপ্ত চাকৰিয়াল ৬ শতাংশ ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে ২০২১ বৰ্ষৰ মে’ মাহৰ আগৰ পুৰণি বিষয় তথা ফাইলসমূহৰ নিষ্পত্তিকৰণৰ বাবে সদ্ভাৱনা প্ৰকল্পৰ সূচনা কৰা হৈছে ৷

এই প্ৰকল্পৰ অধীনত উক্ত সময়ৰ আগৰ সকলোবোৰ পুৰণি বিষয় অথবা ফাইলৰ নিষ্পত্তি ২০২২ বৰ্ষৰ ১০ মে’ৰ ভিতৰত কৰা হ’ব ৷ ইয়াৰ ফলশ্ৰুতিত এই বিষয়সমূহৰ সৈতে জড়িত জনসাধাৰণে বৃহৎ সকাহ লাভ কৰিবলৈ সক্ষম হ’ব ৷ এই পুৰণি বিষয়সমূহৰ নিষ্পত্তি হ’লে সচিবালয়লৈ জনসাধাৰণৰ আহ-যাহ বৃহৎ পৰিমাণে লাঘব হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷

মুখ্যমন্ত্ৰী ড॰ শৰ্মাই লগতে কয় যে, সদ্ভাৱনা প্ৰকল্পৰ অধীনত প্ৰথম পৰ্যায়ত পুৰণি ফাইলসমূহৰ লগত জড়িত জনসাধাৰণে পুৰণি বিষয়সমূহৰ তথ্য প্ৰদানেৰে পঞ্জীয়ন কৰাৰ বাবে ২ মাহৰ সময় লাভ কৰিব ৷ এই পঞ্জীয়ন চৰকাৰৰ সদ্ভাৱনা প’ৰ্টেলৰ জৰিয়তে কৰিব পাৰিব ৷ কিন্তু যিসকলৰ ইণ্টাৰনেট সেৱাৰ উপলব্ধতা নাই তেওঁলোকে পাব্লিক ফেচিলিটেশ্যন চেণ্টাৰৰ জৰিয়তে ফাইলৰ তথ্য দাখিলেৰে পঞ্জীয়ন কৰিব পাৰিব ৷

নাগৰিকসকলক এটা ‘ইউনিক নম্বৰ’ প্ৰদান কৰা হ’ব ৷ ইয়াৰ জৰিয়তে বিষয়সমূহৰ অগ্ৰগতিৰ খতিয়ান তেওঁলোকে ল’ব পাৰিব ৷ বিভাগসমূহে ২০২১ বৰ্ষৰ মে’ মাহৰ আগৰ পুৰণি ফাইলসমূহ সংগ্ৰহ তথা ইয়াৰ লগত জড়িত বিষয়সমূহ পৰীক্ষা কৰিব ৷

ঠিক তেনেদৰে, দ্বিতীয় পৰ্যায়ত – বিভাগসমূহে ২০২২ বৰ্ষৰ এপ্ৰিল মাহলৈকে পুৰণি বিষয় অথবা ফাইলসমূহৰ নিষ্পত্তিকৰণৰ জৰিয়তে এই ফাইলসমূহ বন্ধ কৰাৰ পদক্ষেপ ল’ব ৷ সিদ্ধান্ত লোৱাৰ পিছত সকলোবোৰ পুৰণি ফাইল বন্ধ কৰা হ’ব আৰু আৰ্কাইভ কৰা হ’ব ৷ এই সমস্ত প্ৰক্ৰিয়া ২০২২ বৰ্ষৰ ১০ মে’ৰ ভিতৰত সম্পন্ন কৰা হ’ব বুলিও তেওঁ কয় ৷

তেওঁ লগতে কয় যে, এই কাৰ্য সমাপন কৰাৰ দিশত চৰকাৰে ব্যাপকভাৱে প্ৰযুক্তিৰ সহায় ল’ব ৷ ‘সদ্ভাৱনা’ প’ৰ্টেলত নাগৰিকৰ সহাঁৰিৰ আহ্বান জনোৱা হ’ব ৷ নাগৰিকে তেওঁলোকৰ সঁহাৰিৰ অগ্ৰগতিৰ বিষয়ে জানিব পাৰিব ৷ ই-অফিচৰ জৰিয়তে নাগৰিকে তেওঁলোকৰ ফাইলৰ অগ্ৰগতিৰ বিষয়ে জানিব পাৰিব ৷ চৰকাৰে এক ডাছব’ৰ্ড (Dashboard) ৰ জৰিয়তে এই প্ৰকল্পৰ ৰূপায়ণ নিৰীক্ষণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷

প্ৰশাসনক অধিক কাৰ্যদক্ষ আৰু জনসাধাৰণমুখী কৰি তোলাৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, জনতা ভৱনত এক স্বাস্থ্যকৰ কৰ্ম সংস্কৃতিৰ বাতাবৰণ গঢ়ি তোলাৰ বাবে সদভাৱনা প্ৰকল্পৰ লগতে ৰাজ্য চৰকাৰে স্বচ্ছতা অভিযানো আৰম্ভ কৰিব ৷ ২০২২ বৰ্ষৰ ১০ মে’ত সদভাৱনা প্ৰকল্পৰ ফলপ্ৰসূ সমাপনৰ পিছতে ৰাজ্য চৰকাৰে জনতা ভৱনত ই-অফিচ পদ্ধতি ৰূপায়ণৰ পদক্ষেপ ল’ব ৷

২০২৩ চনৰ ১০ মে’ৰ ভিতৰত সবিচালয়ৰ সকলো বিভাগতে এই পদ্ধতি কাৰ্যক্ষম কৰি তোলা হ’ব বুলিও তেওঁ কয় ৷ মুখ্যমন্ত্ৰীয়ে এই নতুন প্ৰেক্ষাপটত বিষয়া-কৰ্মচাৰীসকলক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি জনসাধাৰণলৈ অধিক উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়োৱাৰ বাবে আহ্বান জনায় ৷ অনুষ্ঠানত মুখ্য সচিব জিষ্ণু বৰুৱাৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে আটাছুৰ নৱ নিৰ্মিত সাংস্কৃতিক আৰু গৱেষণা কেন্দ্ৰ

ABOUT THE AUTHOR

...view details