অসম

assam

ETV Bharat / state

Mission Basundhara : মিছন বসুন্ধৰাত কৰা আবেদনৰ ১৫ শতাংশ কামৰ অগ্ৰগতি - Mission Basundhara

মিছন বসুন্ধৰা পৰ্টেলত জমা হৈছে প্রায় ৩ লাখৰো অধিক আৱেদন( 3 lakh applications submitted to mission vasundhara portal) । দৈনিক আবেদকাৰীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। আৱেদনৰ সমান্তৰালকৈ অব্যাহত আছে নিষ্পত্তিকৰণৰ প্ৰক্ৰিয়া(PROGRESS OF MISSION BASUNDHARA )। ৰাজহ বিভাগে আজি পর্যন্ত নিষ্পত্তি কৰিছে ৩০ হাজাৰৰো অধিক আৱেদন(Progress of application work in Mission Basundhara)।

progress-of-application-work-in-mission-basundhara
মিছন বসুন্ধৰাত কৰা আবেদনৰ ১৫ শতাংশ কামৰ অগ্ৰগতি

By

Published : Nov 26, 2021, 6:10 PM IST

Updated : Nov 26, 2021, 7:02 PM IST

গুৱাহাটী, 26 নৱেম্বৰ : মাটি-বাৰী সম্পৰ্কীয় বিভিন্ন বিবাদ নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰা অভিলাষী আঁচনি 'মিছন বসুন্ধৰা'ৰ প্রতি জনসাধাৰণে আগবঢ়াইছে ব্যাপক সঁহাৰি । ভূমি সম্পৰ্কীয় বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰে মুকলি কৰা সহজ, দ্রুত আৰু স্বচ্ছ সেৱাৰ প্রতি আকৃষ্ট হৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ ৰাইজে আবেদন কৰিছে । এই পর্যন্ত মিছন বসুন্ধৰা পৰ্টেলত জমা হৈছে ৩ লাখৰো অধিক আৱেদন । দৈনিক আবেদকাৰীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে মিছন বসুন্ধৰাৰ পৰ্টেলত (Missiom Barundhara piortal)।

আৱেদনৰ সমান্তৰালকৈ অব্যাহত আছে নিষ্পত্তিকৰণৰ প্ৰক্ৰিয়া(application work in mission basundhara) । ৰাজহ বিভাগে এই পর্যন্ত নিষ্পত্তি কৰিছে 30 হাজাৰৰো অধিক আৱেদন । কামৰ অগ্ৰগতিৰ হাৰ বৰ্তমানলৈকে 15 শতাংশৰো অধিক । চৰকাৰে 30 নৱেম্বৰৰ ভিতৰত মিছন বসুন্ধৰা পৰ্টেলৰ জৰিয়তে আৱেদনৰ সময়সীমা বান্ধি দিছে ।

মিছন বসুন্ধৰাত কৰা আবেদনৰ ১৫ শতাংশ কামৰ অগ্ৰগতি

কিন্তু আগন্তুক ৫ দিনৰ ভিতৰত ভূমি সম্পৰ্কীয় বিভিন্ন সমস্যা সমাধানৰ আশাৰে তৎপৰ হৈ পৰা ৰাজ্যৰ জনসাধাৰণে আৱেদন প্রক্রিয়া সম্পূর্ণ কৰিব পাৰিব নে নাই তাক লৈ সন্দেহৰ অৱকাশ আছে । ৰাজ্য চৰকাৰে আৱেদন দাখিলৰ সময়সীমা বৃদ্ধি নকৰিলে হয়তাে গৰিষ্ঠ সংখ্যক লােক এই সুবিধা গ্রহণৰ পৰা বঞ্চিত হৈ ৰোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 2 অক্টোবৰত মুকলি কৰিছিল 'মিছন বসুন্ধৰা'(Mission Basundhara launched by himanta biswa sarma) । উত্তৰাধিকাৰী সূত্রে নামজাৰি, দলিলত কৰা ভূমি নামজাৰি, এজমালি পট্টা আপােচ বাটোৱাৰা, একচনীয়া মাটি ম্যাদীকৰণ, আৱণ্টন প্রাপ্ত ম্যাদীকৰণ আদি বিভিন্ন ভূমি সংক্রান্তীয় সমস্যা সমাধানৰ বাবে বসুন্ধৰা আঁচনি গ্ৰহণ কৰিছে চৰকাৰে । ৰাজ্যৰ অধিক সংখ্যক খিলঞ্জীয়া জনসাধাৰণেই এনেবােৰ সমস্যাৰ লগত যুঁজি আছে । সম্পূর্ণ বিনামূলীয়াকৈ উক্ত সমস্যা সমাধানৰ বাবে চৰকাৰে মিছন বসুন্ধৰা আঁচনি গ্ৰহণ কৰিছে ।

মিছন বসুন্ধৰাত কৰা আবেদনৰ ১৫ শতাংশ কামৰ অগ্ৰগতি

নৱেম্বৰত আৱেদন প্রক্রিয়া সম্পন্ন হােৱাৰ পাছত আৱেদনৰ ভিত্তিত ৰাইজৰ প্ৰতিটো সমস্যা ৰাজহ বিভাগে 10 মে’ৰ ভিতৰত নিষ্পত্তিৰ লক্ষ্য বান্ধি লৈছে । কিন্তু অনলাইন আবেদন প্রক্রিয়া 30 নৱেম্বৰৰ ভিতৰত সম্পূর্ণ নহ'লে আৱেদনৰ সময়সীমা চৰকাৰে বৃদ্ধি কৰিব নে নাই বৰ্তমান সেয়া এক ডাঙৰ প্ৰশ্ন ।

ইফালে মিছন বসুন্ধৰাৰ উদ্দেশ্য সফল কৰাত শাসক-বিৰােধী প্রতিজন বিধায়কৰ সহযােগ বিচাৰি ৰাজহ মন্ত্রী যােগেন মহনে পত্র প্ৰেৰণ কৰিছে । বিশেষকৈ আৱেদনসমূহ নিষ্পত্তি কৰিবলৈ ৰাজহ চক্ৰ বিষয়াসকলে গাঁওবােৰত চলােৱা ৰাজহ আদালত সফল কৰাত প্ৰতিজন বিধায়ককে সহযােগিতা আগবঢ়াবলৈ ৰাজহমন্ত্ৰীয়ে অনুৰােধ জনাইছে ।

লগতে পঢ়ক :আৰম্ভ হ'ল 'মিছন বসুন্ধৰা পৰ্টেল'

Last Updated : Nov 26, 2021, 7:02 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details