অসম

assam

By

Published : Jan 31, 2020, 1:12 AM IST

ETV Bharat / state

গুৱাহাটীত কেৰেলাৰ কলা-কৃষ্টি প্ৰদৰ্শন

বৃহস্পতিবাৰে কেৰেলা পৰ্যটন বিভাগৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় গুৱাহাটীৰ জালুকবাৰীস্থিত ৰেডিচন ব্লু' হোটেলত ৷ কেৰেলাৰ পৰ্যটন ক্ষেত্ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে বিভাগটোৱে ৷

কেৰেলাৰ কলা-কৃষ্টি
কেৰেলাৰ কলা-কৃষ্টি

গুৱাহাটী, 30 জানুৱাৰীঃবৃহস্পতিবাৰে গুৱাহাটীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু' হোটেলত অনুষ্ঠিত হয় কেৰেলা পৰ্যটন বিভাগৰ এক বিশেষ অনুষ্ঠান ৷ কেৰেলাৰ বিভিন্ন কলা-কৃষ্টি প্ৰদৰ্শিত হয় এই অনুষ্ঠানত ৷ তাৰোপৰি ৰাজ্যখনৰ ঐতিহ্যপূৰ্ণ সমল আৰু ৰাইজক আকৰ্ষিত কৰিব পৰা বহুতো বিষয়, এক তথ্যচিত্ৰৰ জৰিয়তে প্ৰদৰ্শন কৰে বিভাগটোৱে ৷ এই অনুষ্ঠানত কেৰেলাৰ বিখ্যাত মোহিনী, কথাকলি, পাৰিয়েনী, চাও, কুচিপুড়ি আদি নৃত্য প্ৰদৰ্শন কৰা হয় ৷

গুৱাহাটীত কেৰেলাৰ কলা-কৃষ্টি প্ৰদৰ্শন

উল্লেখ্য যে, দেশৰ প্ৰায় দহখন গুৰুত্বপূৰ্ণ চহৰত অনুষ্ঠিত হ'ব এই অনুষ্ঠান ৷ কেৰেলাৰ পৰ্যটন ক্ষেত্ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে পৰ্যটন বিভাগে হাতত লৈছে এই পদক্ষেপ ৷

লগতে পঢ়ক ঃশিৱসাগৰৰ বৰ্ডিং খেল পথাৰত মে-ডাম-মে-ফি উদযাপন

ABOUT THE AUTHOR

...view details