অসম

assam

By

Published : Oct 3, 2022, 5:33 PM IST

ETV Bharat / state

গুৱাহাটীত ‘‘তোমাৰ তেজত নাথুৰাম আমাৰ হৃদয়ত গান্ধীৰ নাম’’ শীৰ্ষক কাৰ্যসূচী

জাতিৰ পিতাৰ সোঁৱৰণত ‘‘তোমাৰ তেজত নাথুৰাম আমাৰ হৃদয়ত গান্ধীৰ নাম’’ শীৰ্ষক কাৰ্যসূচী ৷

programme-in-memory-of-mahatma-gandhi
'তোমাৰ তেজত নাথুৰাম আমাৰ হৃদয়ত গান্ধীৰ নাম' শীৰ্ষক কাৰ্যসূচী সম্পন্ন

গুৱাহাটী, 3 অক্টোবৰ: দেওবাৰে মহানগৰীৰ চানমাৰিৰ প্ৰতিমা পাণ্ডে উদ্যানত আয়োজন কৰা হয় গান্ধীজয়ন্তীৰ (birth anniversary of Mahatma Gandhi) ৷ ‘‘তোমাৰ তেজত নাথুৰাম আমাৰ হৃদয়ত গান্ধীৰ নাম’’ শীৰ্ষক কাৰ্যসূচীৰে বাপুজীলৈ শ্ৰদ্ধাঞ্জলি জনায় উদ্যোক্তাসকলে ৷ ৰাইজৰ দৃষ্টিত স্বাধীনতাৰ ৭৫ বছৰ উদযাপন সমিতিৰ আহ্বানত অনুষ্ঠিত হয় এই কাৰ্যসূচীৰ ।

কাৰ্যসূচীত শ শ আৰক্ষীয়ে বাধা প্ৰদান কৰাক লৈ সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ । এই ঘটনাৰ প্ৰতিবাদ জনায় অনুষ্ঠানত উপস্থিত আটায়ে হাতে হাতে প্লে' কাৰ্ড লৈ মৌনব্ৰত পালন কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট বুদ্ধিজীৱী তথা অসম বিবেক ড° হীৰেণ গোঁহাইয়ে (Asom bibek Hiren Gohain) কয় যে, গান্ধী জয়ন্তীৰ দিনা মহাত্মা গান্ধীক সমগ্ৰ দেশবাসীয়ে সোঁৱৰণ কৰিব লাগিছিল যদিও ইয়াৰ পৰিৱৰ্তে গান্ধী হত্যাকাৰী নাথুৰাম গডছেক বীৰ সজাব বিচৰা পৰিৱেশ এটা সৃষ্টি কৰা হৈছে ।

'তোমাৰ তেজত নাথুৰাম আমাৰ হৃদয়ত গান্ধীৰ নাম' শীৰ্ষক কাৰ্যসূচী সম্পন্ন

ৰাজনৈতিক পক্ষপাতদুষ্টতাৰ বাবে চাভাৰকাৰৰ দৰে দেশদ্ৰোহী আজি বন্দিত । আমি মৌনভাৱে থকাৰ বাহিৰে একো কৰিব পৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে ।

গান্ধীৰ সোঁৱৰণত আয়োজিত অনুষ্ঠানটোত সাংসদ অজিৎ ভূঞা, মনজিৎ মহন্ত, ৰাণী গোহাঁই, সুপ্ৰকাশ তালুকদাৰ, লোকনাথ গোস্বামী, ৰাছেল হুছেইন, দেবেন তামুলী, পৰেশ মালাকৰ, পংকজ দাস আদিৰ লগতে বহু ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:দুৰ্গা পূজাত কদৰ্য ৰাজনীতিৰ আশ্ৰয় লোৱাটো ভাৰতবৰ্ষৰ মানুহে কেতিয়াও গ্ৰহণ নকৰে : চিপিআই(এম)

ABOUT THE AUTHOR

...view details