গুৱাহাটী, ২২ আগষ্ট : মহামাৰী কৰ'ণাসৃষ্ট পৰিস্থিতিৰ বাবে যেন স্তব্ধ হৈ পৰিছে বহুলোকৰ জীৱন-জীৱিকাৰ পথ ৷ তাৰোপৰি ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ঘোষণা কৰা এছঅ'পিৰ ফলত শ্ৰমজীৱী লোকৰ মাজত সৃষ্টি হৈছে জটিল পৰিস্থিতিৰ ৷ এনে পৰিস্থিতিৰ বাবে জীৱন-জীৱিকাৰ তাড়নাত বহু লোকে সলনি কৰিবলৈ বাধ্য হৈছে জীৱনৰ গতিপথ ৷
বাঁহৰ সামগ্ৰী প্ৰস্তুত কৰা ক্ষুদ্ৰ উদ্যোগত পৰিণত মহানগৰীৰ ফৰেষ্টগেট অঞ্চল কৰ'ণা সৃষ্ট পৰিৱেশৰ মাজতে মহানগৰীৰ নাৰেংগীৰ ফৰেষ্টগেট, কাৰ্বনগেটৰ উষা বাচফৰ, প্ৰমিলা বাচফৰ আৰু দুর্গা বাচফৰ নামৰ তিনিগৰাকী ভগ্নীয়ে হাতত থকা যাদুকৰী শক্তিৰে নিজকে আত্মনির্ভৰশীল কৰি তোলাই নহয়, জীৱিকাৰো পথ প্ৰশস্ত কৰিছে ৷ পূৰ্বে আনৰ ঘৰে ঘৰে কাম কৰি কোনোমতে পেটৰ ভাত মুঠি মোকলাই লোৱা তিনি ভগ্নীয়ে বিগত বৰ্ষত কৰ'ণা মহামাৰীৰ বাবে ঘোষিত লক ডাউনৰ পৰাই সলনি কৰিবলৈ বাধ্য হয় জীৱিকাৰ পথ ৷
লগতে পঢ়ক :গুৱাহাটী মহানগৰীত ক'ভিড পৰিস্থিতি অনিয়ন্ত্ৰিত
প্ৰয়াত পিতৃৰ পৰা আহৰণ কৰা কুটীৰ শিল্পৰ বিদ্যাকে সম্বল হিচাপে লৈ ফৰেষ্টগেট-মঠঘৰীয়া সংযোগী পথৰ ফুটপাথত তিনি ভগ্নীয়ে আৰম্ভ কৰিলে কুটীৰ শিল্পৰ ব্যৱসায় ৷
ক'ভিডে সলনি কৰিলে ফৰেষ্টগেটৰ তিনি ভগ্নীৰ জীৱন বিশেষকৈ নিজ হাতে বনোৱা বিভিন্ন প্ৰকাৰৰ ঝাড়ু বিক্ৰীৰে আৰম্ভ কৰিলে স্বাৱলম্বনৰ অন্য এক যাত্ৰা ৷ প্ৰথমাৱস্থাত বিক্ৰীৰ সংখ্যা কম আছিল যদিও লাহে লাহে ঝাড়ু কিনা গ্ৰাহকৰ সংখ্যা বৃদ্ধি পোৱাত এতিয়া তিনি ভগ্নীৰ মুখত বিৰিঙিছে আত্মসন্তুষ্টিৰ হাঁহি ৷ তিনি ভগ্নীয়ে জানিবলৈ দিয়া মতে, ১২০ টকাৰ বিনিময়ত ক্ৰয় কৰা এডাল বাঁহৰ পৰা ৩০-৪০ ডাল পৰ্যন্ত ঝাড়ু বনাই বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰা হয় ৷
লগতে পঢ়ক :মহীষাসুৰৰ পৰিৱৰ্তে এইবাৰ ডেল্টাসুৰক বধ কৰিব দেৱী দুৰ্গাই !
ইয়াৰ বাবে সময় লাগে তিনিদিন ৷ ফৰেষ্ট গেট, কাৰ্বনগেট ৰে’ল লাইনৰ এটা সৰু জুপুৰীত থাকি পুৱাৰ পৰা আবেলিলৈ ঝাড়ু বনোবা কামত মনোনিৱেশ কৰা তিনি ভগ্নীৰ কামত সহযোগ কৰে ৰীতা দাস নামৰ আন এগৰাকী মহিলাই ৷ ফুটপাথত বিক্ৰীৰ বাবে ৰখা দাণ্ডা ঝাড়ু এডালত ২০০-২৩০ টকা, হাত ঝাড়ু ৫০-৬০ টকা হিচাপত গ্ৰাহকৰ ওচৰত বিক্ৰী কৰি তাৰ পৰা লাভ কৰা ধনেৰে সম্প্ৰতি তেওঁলোকে সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে জ্যেষ্ঠ ভগ্নী উষা বাচফৰে ৷
কুটীৰ শিল্পক জীৱন-নিৰ্বাহৰ একমাত্ৰ সমল হিচাপে বাচি লোৱা তিনি ভগ্নীয়ে ঝাড়ুৰ ওপৰিও বাঁহৰ কুলা, পাচি, চালনী আদি সামগ্ৰী প্ৰস্তুত কৰি কৰ্ম-সংস্কৃতিৰ অন্য এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ স্বাভাৱিকতে এই তিনি ভগ্নীৰ কৰ্ম-সংস্কৃতিয়ে অনুপ্ৰেৰণা যোগাব আপোনাক, মোক আৰু আন বহু লোকক ৷
লগতে পঢ়ক :আমগুৰিত এগৰাকী মহিলাৰ অসমীয়াগিৰী