অসম

assam

ETV Bharat / state

হজযাত্ৰাৰ বাবে সাজু উত্তৰ-পূবৰ ৩৫৯৪ গৰাকী হজ যাত্ৰী - নেকিবুৰ জামান

আৰম্ভ হৈছে হজযাত্ৰাৰ প্ৰক্ৰিয়া ৷ চলিত বৰ্ষৰ হজ যাত্ৰাৰ বাবে সাজু উত্তৰ-পূবৰ হজযাত্ৰীসকল ৷ মঙ্গলবাৰে মহানগৰীস্থিত ইছলামপুৰ হাজি মুছাফিৰখানাত হজযাত্ৰীসকল উপস্থিত হৈ যাৱতীয় সকলো কাৰ্য সমাপন কৰে হজযাত্ৰীসকলে ৷

আৰম্ভ হৈছে হজযাত্ৰাৰ প্ৰক্ৰিয়া

By

Published : Jul 2, 2019, 7:48 PM IST

গুৱাহাটী, 2 জুলাই : চলিত বৰ্ষৰ হজ যাত্ৰাৰ বাবে সাজু হৈ উঠিছে উত্তৰ-পূবৰ হজযাত্ৰীসকল ৷ মঙ্গলবাৰে মহানগৰীস্থিত ইছলামপুৰ হজি মোছাফিৰখানাত উপস্থিত হৈ হজযাত্ৰীসকলে সমাপন কৰে যাৱতীয় সকলো কাৰ্য ৷ এইবেলি মক্কা আৰু মদিনালৈ পবিত্ৰ হজৰ বাবে যাব উত্তৰ-পূবৰ সৰ্বমুঠ ৩৫৯৪ গৰাকী হজযাত্ৰী ৷ অসমৰ পৰা ৩৫১৫ গৰাকী , মেঘালয়ৰ পৰা ৫৫ গৰাকী, নাগালেণ্ডৰ পৰা ২২ গৰাকী আৰু অৰুণাচলৰ ৪ গৰাকী হজযাত্ৰী যাব ৷ হজযাত্ৰীসকলৰ ভিতৰত আছে ২৪৩২ গৰাকী পূৰুষ আৰু ১১৬২ গৰাকী মহিলা ।

আৰম্ভ হৈছে হজযাত্ৰাৰ প্ৰক্ৰিয়া
এয়াৰ ইণ্ডিয়াৰ বিমানযোগে ৪ জুলাইত উত্তৰ-পূবৰ হজযাত্ৰীৰ প্ৰথমটো দল গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃজাৰ্তিক বিমানবন্দৰৰ পৰা দিনৰ ২ বাজি ১৫ মিনিটত মদিনা অভিমুখে ৰাওনা হ'ব আৰু ১৮ জুলাইত গুৱাহাটীৰ পৰা মদিনা অভিমুখে উত্তৰ পূৱৰ অন্তিম দলে উৰা মাৰিব বুলি উল্লেখ কৰে হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামান ৷

ABOUT THE AUTHOR

...view details