অসম

assam

ETV Bharat / state

কাল কৰ’ণা : আৰ্থিক দৈন্যতাৰ বাবে আত্মহনন প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰীৰ - মহামাৰী কৰণা সংক্ৰমণ

কৰ’ণা বিপৰ্যয়ৰ চূড়ান্ত ৰূপ ৷ আৰ্থিক দৈন্যতা সহিব নোৱাৰি আত্মহত্য়া এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ ৷ গুৱাহাটী মহানগৰীৰ এটা প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰীয়ে ল’লে জীৱনৰ চূড়ান্ত সিদ্ধান্ত ৷

Printing press trader
ক'ভিডে সৃষ্টি কৰা আৰ্থিক সংকটৰ বাবে আত্মহত্যাৰ পথ ল'লে ব্যৱসায়ীয়ে

By

Published : Aug 2, 2021, 10:48 PM IST

Updated : Aug 6, 2021, 6:38 PM IST

গুৱাহাটী, 2 আগষ্ট : ক'ভিডে ৰাজ্যৰ আন আন ব্যৱসায়িক ক্ষেত্ৰৰ লগতে প্ৰিণ্টিং প্ৰেছসমূহলৈও এক অনিশ্চয়তা কঢ়িয়াই আনিছে ৷ এফালে আংশিক লক ডাউন, আনফালে সম্পূৰ্ণৰূপে বন্ধ ৰাজ্যৰ স্কুল-কলেজ, অনুষ্ঠান-প্ৰতিষ্ঠান ৷ যাৰ ফলত আৰ্থিক অনাটনৰ সন্মুখীন হ’বলগীয়া হৈছে ব্যৱসায় ক্ষেত্ৰৰ লগত জড়িত প্ৰতিজন ৷ আন ক্ষেত্ৰৰ দৰে প্ৰিণ্টিং প্ৰেছসমূহেও আগৰদৰে কাম নোপোৱাত বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ৷

সোমবাৰে আৰ্থিক দৈন্যতাৰ বাবে মহানগৰীৰ এটা প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰীয়ে চীপ লৈ আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে বামুণীমৈদাম অঞ্চলত । নুনমাটিৰ বাসিন্দা তপন পাটগিৰি নামৰ লোকজনে বামুণীমৈদামস্থিত 'ইগনিশ্বন' নামৰ প্ৰিণ্টিং প্ৰেছটো খুলি দীৰ্ঘদিন ব্যৱসায় চলাই আছিল ।

আৰ্থিক দৈন্যতাৰ বাবে আত্মহনন প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰীৰ

লগতে পঢ়ক: অৰুণাচলক লৈ চীনে দৃষ্টিভংগী সলনি কৰক : নিনং এৰিং

কিন্তু যোৱা দুটা বছৰে মহামাৰী কৰ’ণাৰ সংক্ৰমণৰ বাবে চৰকাৰে ঘোষণা কৰা লক ডাউন আৰু মিনি লক ডাউনৰ বাবে প্ৰিণ্টিং প্ৰেছটো বন্ধ হৈ পৰাত ভীষণ আর্থিক মন্দাৱস্থাৰ সৃষ্টি হয় । যাৰ পৰিপ্ৰেক্ষিতত প্ৰেছটোৰ স্বত্বাধিকাৰী তপন পাটগিৰিয়ে লাখ লাখ টকাৰ ঋণ ল'ব লগা হয় । ইফালে বেংকৰ পৰা লোৱা ঋণ সময়মতে পৰিশোধ কৰিব নোৱাৰাত ব্যক্তিগৰাকী বিগত কিছুদিনৰ পৰা মানসিক অশান্তিত ভোগা বুলি পৰিয়ালে সদৰী কৰে ।

অৱশেষত দেওবাৰে দিনৰ ভাগত 'ইগনিশ্বন' প্ৰিণ্টিং প্ৰেছলৈ আহি চীপ লৈ আত্মহত্যা কৰে লোকজনে । সোমবাৰে পুৱাৰ ভাগত পৰিয়ালৰ লোক প্ৰেছটোত উপস্থিত হৈ লোকজনক চীপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় চান্দমাৰী আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত চান্দমাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহতো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: লাফিকুলৰ হত্যাকাণ্ড : তিনি হত্যাকাৰীৰ নাম ঘোষণা CBI ৰ

Last Updated : Aug 6, 2021, 6:38 PM IST

ABOUT THE AUTHOR

...view details