গুৱাহাটী, ৬ ফেব্ৰুৱাৰী : সাত দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হ’ল ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ (Ranjit Bora Murder Case) মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰক ৷ সোমবাৰে আদালত হাজিৰ কৰোৱাত আৰক্ষীয়ে 14 দিনৰ জিম্মাত বিচাৰিছিল শ্বাহ আলমক তালুকদাৰক ৷ ইয়াৰ পাছতে আদালতে শ্বাহ আলমক সাত দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে আৰু অধিক জেৰাৰ বাবে আৰক্ষীৰ অপৰাধ শাখালৈ লৈ যোৱা হয় ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলমক ৷
ৰাজ্য কঁপাই যোৱা ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্তসহ 5 টাকৈ ডকাইতক গুৱাহাটী মহানগৰ আৰক্ষী, কামৰূপ আৰক্ষী আৰু নলবাৰী আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে ৷ উক্ত ডকাইতকেইটাই 21 নৱেম্বৰৰ দিন দুপৰতে পাঞ্জাবাৰীৰ ৰাজপথত পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিৎ বৰাক গুলীয়াই হত্যা কৰি লুটি নিছিল 2 লাখ 45 হাজাৰ টকা (Purabi Dairy distributor Ranjit Bora murder) ৷
পাঞ্জাবাৰীৰ এক্সেল একাডেমীৰ (Excel Academy Panjabari) স্বত্বাধিকাৰী শ্বাহ আলম তালুকদাৰেই ৰঞ্জিৎ বৰাক গুলীয়াই হত্যা কৰিছিল ৷ আৰক্ষীয়ে শ্বাহ আলমক গ্ৰেপ্তাৰ কৰাৰ পাছত জেৰাত পোহৰলৈ আহিছে ন ন তথ্য ৷ শ্বাহ আলমে 2019 চনত 11 মাহৰ চুক্তিৰে গুৱাহাটীৰ পাঞ্জাবাৰীত এটা ঘৰ ভাৰালৈ লৈ এক্সেল একাডেমি নামৰ ব্যক্তিগত শিক্ষানুষ্ঠানখন চলাই আছিল ৷ চুক্তি শেষ হোৱাৰ পাছতো ঘৰ খালী কৰি নিদিয়াৰ লগতে ঘৰৰ মালিকক ভয় ভাবুকি প্ৰদান কৰি আহিছিল শ্বাহ আলম নামৰ ডকাইতটোৱে ৷