অসম

assam

ETV Bharat / state

নিতৌ বৃদ্ধি হৈছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য - price hike

হঠাতে আলু, পিয়াঁজ, দাইল, তেলকে ধৰি অন্যান্য খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যবাসী ৷

নিতৌ বৃদ্ধি হৈছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য
নিতৌ বৃদ্ধি হৈছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য

By

Published : Sep 25, 2020, 6:06 PM IST

গুৱাহাটী, 25 ছেপ্তেম্বৰ:অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ তাৰ পাচতো মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত বিফল হৈছে চৰকাৰ ৷ হঠাতে আলু, পিয়াঁজ, দাইল, তেলকে ধৰি অন্যান্য খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন হোৱাৰ কথা প্ৰকাশ কৰে সাধাৰণ ৰাইজে ৷ 30 টকা মূল্যৰ আলুৰ দাম 40 টকা, প্ৰতি কেজি পিয়াঁজৰ দাম 20 টকাৰ পৰিৱৰ্তে হৈছেগৈ 40 টকা ৷ এনেদৰে প্ৰায় সকলোবোৰ খাদ্য সামগ্ৰীতে হৈছে মূল্যবৃদ্ধি ৷ লক ডাউনৰ পাচত এইবাৰ মূল্যবৃদ্ধিয়ে আৰ্থিক মন্দাৱস্থাৰ সৃষ্টি কৰাৰ আশংকা প্ৰকাশ কৰিছে ৰাজ্যবাসীয়ে ৷

ABOUT THE AUTHOR

...view details