গুৱাহাটী, ১৮ অক্টোবৰ :কাতি বিহু উদযাপনৰ বাবে ৰাজ্যজুৰি প্ৰস্তুতি চলিছে । সন্ধিয়া তুলসীৰ তলত চাকি বন্তি জ্বলোৱাৰ লগতে কৃষক সকলে নিজৰ নিজৰ ধাননী ডৰাত চাকি জ্বলাইছে । নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে কাতি বিহুৰ উচাহ ম্লান কৰিছে । কাতি বিহু কঙালি । কঙালি বিহুৰ সময়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে ৰামটাঙন সোধাইছে সৰ্বসাধাৰণ ৰাইজক। বজাৰ কৰিবলৈ আহি চিন্তাত পৰিছে গ্ৰাহক ।
শাক পাচলি, ফল, দালি, মিঠাতেল, বিস্কুটকে ধৰি সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে । ঘৰুৱা বাজেটত পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে সৰ্বসাধাৰণৰ । প্ৰতিকিলো শাক পাচলিৰ মূল্য আলু ৩০ টকা , পিয়াজ ৬০ টকা , বিলাহী ৮০ টকা , মটৰ ৩০০ টকা, লেচেৰা ১২০ টকা , তিতাকেৰেলা ৮০ টকা , গাজৰ বিন ১২০ টকা, অমিতা ৪০ টকা , ভেণ্ডি৮০ টকা বিক্ৰী হৈছে। ইপিনে প্ৰতিকিলো আপেল ১২০ -২৮০ টকা, ডালিম ১২০ টকা , মৌচুমী ১০০ টকা কল ডৰ্জন ৫০-৬০ টকা , নাৰিকল জোৰা ১০০ টকাকৈ বিক্ৰী হৈছে ।